NORTHEAST NOW (Assamese)

‘পি এম-কিষাণ’ আঁচনিৰ অধীনত মাজুলীৰ ২৩৮৭২ গৰাকী কৃষকৰ নাম পঞ্জীয়ন

February 24, 2019 6:19 pm · মিটু খাটনিয়াৰ
Updated: February 24, 2019 6:20 pm

সমগ্ৰ দেশৰ লগতে মাজুলী জিলাতো আজি কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ‘প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি’ৰ শুভাৰম্ভ কৰা হয়। উত্তৰ প্ৰদেশৰ গোৰখপুৰত নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্তৰত এই আঁচনিখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কমলাবাৰীৰ মাজুলী মিলন সংঘত আয়োজিত জিলাস্তৰৰ উদ্ধোধনী অনুষ্ঠানত জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই মাজুলীৰ কৃষকসকলৰ বাবে ‘পি এম-কিষাণ’ৰ শুভাৰম্ভ কৰে।

এই আঁচনিৰ অধীনত নাম পঞ্জীয়ন হোৱা কৃষক হিতাধিকাৰীসকল আৰু পথাৰ পৰিচালনা সমিতিসমূহৰ সদস্যৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত মাজুলী জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা দত্ত, জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠককে ধৰি ভালেকেইগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক সন্থাৰ বিষয়ববীয়া আৰু সাংবাদিকে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ক্ষুদ্ৰ আৰু উপান্ত কৃষকলৈ বছৰি ৬০০০ টকাকৈ সাহায্য প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ আৰম্ভ কৰা পি এম কিষাণ আঁচনিৰ অধীনত মাজুলী জিলাৰ ২৩৮৭২ গৰাকী কৃষক হিতাধিকাৰীৰ নাম ইতিমধ্যে পঞ্জীয়ন কৰা হৈছে।

ইয়াৰে ৫ গৰাকী কৃষক হিতাধিকাৰীক আজিৰ অনুষ্ঠানতে উপায়ুক্ত মিশ্ৰই ‘পি এম কিষাণ’ৰ সাহায্য ৰাশিৰ আৱণ্টন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

Related News