• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰত আলফা (স্বাঃ) সংকটৰ সন্মুখীন, স্বীকাৰ কৰিলে পৰেশ বৰুৱাই

"অৰ্থনৈতিক কূটনীতিৰ বাবে ম্যানমাৰে উত্তৰ-পূবৰ উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ বাধ্য হৈছে"

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2019 6:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে নৰ্থ-ইষ্ট নাও-ত প্ৰকাশিত বাতৰিৰ সত্যতা প্ৰমাণ কৰি ম্যানমাৰস্থিত আলফা (স্বাঃ)ৰ শিবিৰসমূহলৈ সংকট আহিছে বুলি স্বীকাৰ কৰিছে বিদ্ৰোহী সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।

কেৱল আলফা (স্বাঃ)ৰ শিবিৰেই নহয়, এন ডি এফ বিকে ধৰি উত্তৰ-পূবৰ সকলো উগ্ৰপন্থী সংগঠনৰ শিবিৰসমূহ এই সংকটৰ সন্মুখীন হৈছে। অৱশ্যে ভূটানত ২০০৩ চনত চলা অপাৰেইশ্যন অল ক্লীয়াৰৰ নিচিনা পৰিস্থিতি সৃষ্টি হোৱা নাই বুলি সেনাধ্যক্ষজনৰ স্বীকাৰোক্তিত প্ৰকাশ।

Apply Now

বেচৰকাৰী খণ্ডৰ এটা নিউজ চেনেল নিউজ এইটিন অসম-নৰ্থ-ইষ্ট-অত আলফা (স্বাঃ) সেনাধ্যক্ষজনৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপ বুলি দাবী কৰি প্ৰচাৰ কৰা এটা অডিঅ’-ভিডিঅ’ত সেনাধ্যক্ষ বৰুৱাক এইদৰে কোৱা শুনা গৈছে।

লগতে পঢ়ক আলফা (স্বাঃ)ৰ বিৰুদ্ধে কঠোৰ বাৰ্মিজ আৰ্মি, নাগা বিদ্ৰোহীলৈ সুকীয়া শিবিৰ

আনহাতে ম্যানমাৰ সেনাৰ আক্ৰমণত সংগঠনটোৰ এজন সদস্য নিহত হোৱা বুলি ওলোৱা খবৰ “নিশ্চিত” বুলি ক’বলৈ অস্বীকাৰ কৰে সেনাধ্যক্ষজনে। তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ ‘শ শ কেডাৰৰ মাজত ক’ৰবাত কেনেবাকৈ এনেকুৱা এটা ঘটনা ঘটাটো অস্বাভাৱিক নহয়’ বুলিও মন্তব্য কৰে।

বাৰ্তালাপটোত বৰুৱাই অৰ্থনৈতিক কূটনীতিৰ বাবেই ম্যানমাৰে ইয়াৰ ভূমিত থাকি ভাৰতৰ বিৰুদ্ধে যুঁজ দি থকা উত্তৰ-পূবৰ সংগঠনবোৰৰ বিৰুদ্ধে অভিযান চলাব বুলি এটা নিশ্চিত শংকা প্ৰকাশ কৰে।

“অভিযান চলোৱাটো চলাব। কাৰণ ইয়াত অৰ্থনৈতিক কূটনীতি আছে, সৰু সৰু দেশবোৰৰ ক্ষেত্ৰত যিটো স্বাভাৱিক”, সেনাধ্যক্ষজনৰ মন্তব্য।

বাংলাদেশ আৰু ভূটানে সংগঠনটোৰ ওপৰত লোৱা ব্যৱস্থাৰ আঁৰতো অৰ্থনৈতিক কূটনীতি আছিল বুলি কয় বৰুৱাই।

“কিন্তু ভূটানত যিটো হৈছিল, ইয়াত সেইটো নহয়। ভূটানত ইণ্ডিয়ান আৰ্মি আৰু ভূটান ৰয়েল আৰ্মিয়ে আগভেটা দি আমাক ওলাব নোৱৰা কৰিছিল।” অপাৰেইশ্যন অল ক্লীয়াৰ-ৰ বিপৰ্য্যয় সুঁৱৰি বৰুৱাৰ অকপট স্বীকাৰোক্তি।

ম্যানমাৰত শেহতীয়াকৈ হোৱা অগ্ৰগতিৰ পৃষ্ঠভূমিত সংগঠনটো বিশেষ ক্ষতিৰ সন্মুখীন হোৱা নাই আৰু নেতা-কেডাৰসকলে পৰিস্থিতি চম্ভালি ল’বলৈ সক্ষম হৈ আছে বুলি দাবী কৰে পৌঢ় সেনাধ্যক্ষজনে।

”ম্যানমাৰৰ সৈতে সংঘাতৰ পৰা আঁতৰি থাকিব খোজো”,টেলিফোনিক বাৰ্তালাপটোত বৰুৱাই এইদৰেও কয়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd