NORTHEAST NOW (Assamese)

মাজুলীত মিচিং আগম কেবাঙৰ ২৩ সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন

August 26, 2018 4:46 pm · মিটু খাটনিয়াৰ

অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ ভাষা সাহিত্য চৰ্চা আৰু সৰ্বতো প্ৰকাৰ বিকাশৰ বাবে গঠন কৰা মিচিং আগম কেবাং অৰ্থাৎ মিচিং সাহিত্য সভাৰ ২৩ সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰনণ অধিৱেশন এইবাৰ মাজুলীত অনুষ্ঠিত হ’ব।

অহা ডিচেম্বৰ মাহৰ ২০ তাৰিখৰ পৰা উজনি মাজুলীৰ ৰতনপুৰ মিৰি গাঁৱৰ তৰুন চন্দ্ৰ পামেগাম ক্ষেত্ৰত চাৰি দিনীয়া কাৰ্যক্ৰমনিকাৰে উক্ত অধিৱেশনখন অনুষ্ঠিত হ’ব বুলি কালি মাজুলীৰ গড়মুৰত মিচিং আগম কেবাঙে আয়োজন কৰা এক সংবাদমেলত জানিবলৈ দিয়ে।

মিচিং সাহিত্য সভাৰ উক্ত অধিৱেশনখনত ভাৰতবৰ্ষৰ কেইবাজনো বিশিষ্ট ভাষাবিধ সহিত্যিক আৰু বুদ্ধিজীবী উপস্থিত থকাৰ লগতে অসম-অৰুণাচল তথা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা তিনি হেজাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব বুলি সংবাদমেলত তেওঁলোকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এই অধিৱেশনৰ জৰিয়তে মিচিং আগম কেবাঙে বিদ্যালয়ৰ পাঠ্য পুথিত মিচিং ভাষা প্ৰচলনৰ বাবে দাবী জনাব বুলিও জানিবলৈ দিয়ে।

মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াই আয়োজন কৰা কালিৰ উক্ত সংবাদমেলৰ জৰিয়তে আয়োজকসকলে মাজুলী তথা অসমবাসীৰ সহায় সহযোগীতা কামনা কৰে।

Related News