ৰাজ্যত ২৪ ঘন্টীয়া চকা বন্ধ

ৰাজ্যত ৩ অক্টোবৰৰ দিনটোত অৰ্থ্যাৎ বৃহস্পতিবাৰৰ দিনা ২৪ ঘন্টীয়া চকা বন্ধৰ আহ্বান জনাইছে সদৌ অসম মটৰ পৰিবহন সন্থাই । কাইলৈ পুৱা ৫ বজাৰ পৰা শুকুৰবাৰে পুৱা ৫ বজালৈকে এই বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা বতৰাত এই কথা জানিবলৈ দিয়ে সংগঠনটোৰ ৰাজ্যিক উপ সভাপতি ভৱেন ভট্টাচাৰ্য্যই।

যাত্ৰী বাহী বাছৰ ভাড়া বৃদ্ধি কৰিবৰ বাবে সংগঠনটোৱে বাৰম্বাৰ ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগক আহ্বান জনাই আহিছিল যদিও বিভাগীয় কতৃপক্ষই তেওঁলোকৰ এই দাবী মানি নোলোৱাত কাইলৈ এই চকা বন্ধৰ কাৰ্য্যসূচী হাতত লৈছে সংগঠনটোৱে।

ইপিনে, দৈনিক ডিজেলৰ মূল্য বৃদ্ধি পাই আহিছে যদিও ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগটোৱে ভাড়া বৃদ্ধি নকৰাত মটৰ পৰিবহনৰ মালিক ও চালকসকল বিপাঙত পৰা বুলি ভট্টাচাৰ্য্যই আমাৰ আগত কয়। শেহতীয়াকৈ যোৱা জুলাই মাহত বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে মটৰ পৰিবহন সন্থাৰ বিষয়ববীয়াৰ এক আলোচনাত হৈছিল তথা ভাড়া বৃদ্ধি কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল। কিন্তু বৰ্তমানলৈকে ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ সংগঠনটোৱে ২৪ ঘন্টীয়া চকা বন্ধর আহ্বান জনাইছে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ২০১২ চনৰ ১১ অক্টোবৰতে শেষবাৰলৈ ভাড়া নিৰ্ধাৰণ কৰিছিল। ডিজেলৰ মূল্য আৰু গাড়ীৰ বীমাৰ নিৰিখ বৃদ্ধি হোৱাৰ বাবে ২০১৬ চনৰে পৰা সংগঠনটোৱে ভাড়াৰ নিৰিখ বৃদ্ধি কৰিবৰ বাবে আহ্বান জনাই আহিছিল। পুজাৰ পাছত সংগঠনটোৱে ইয়াতকৈয়ো ভয়াবহ প্ৰভাৱ পেলোৱা পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৰ উপ সভাপতিগৰাকীয়ে।