NORTHEAST NOW (Assamese)

পাঠশালাত ভয়ংকৰ পথ দুৰ্ঘটনা; ২৪ জন আহত, ৪ জনৰ অৱস্থা সংকটজনক

March 3, 2019 11:54 am · শশাংক তালুকদাৰ
Updated: March 3, 2019 12:22 pm

আজি পাঠশালাৰ ৩১ নং হাইৱে চকত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ২৪ জনকৈ যাত্ৰী আহত হয়। ইয়াৰে চাৰিজনৰ অৱস্থা সংকটজনক।

ঘটনাৰ বিৱৰণি মতে এ এছ ০১ কিউ ৩০৪৭ নম্বৰৰ টাটা ম’বাইল গাড়ীখনে ২৪ জনকৈ যাত্ৰী লৈ নলবাৰীলৈ গৈ থকা অৱস্থাত আজি পুৱা পাঠশালাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চকত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে বাগৰি পৰে। ফলত বাহনখনত থকা ২৪ জন যাত্ৰী আহত হয় আৰু ইয়াৰে চাৰিজনৰ অৱস্থা অতি সংকটজনক।

ইফালে ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত সকলক উদ্ধাৰ কৰি পাঠশালা চহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে দুৰ্ঘটনাটোত আহত হৈ সংকটজনক অৱস্থাত থকা চাৰিজন লোকক তাৎক্ষণিকভাৱে বৰপেটালৈ প্ৰেৰণ কৰিছে।

Related News