দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনসহ ৮৭.৩৩ শতাংশ নম্বৰেৰে উজলিল গৌৰীসাগৰৰ লক্ষ্যজ্যোতি

IMG-20180525-WA0055

শিক্ষাৰ ক্ষেত্ৰত যে আৰ্থিক দৈন্য অন্তৰায় হব নোৱাৰে আৰু তাক প্ৰমাণ কৰিলে গৌৰীসাগৰৰ এগৰাকী ছাত্ৰই। গৌৰীসাগৰৰ কাষৰ দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হৈ ডিষ্টিংচনসহ ৮৭.৩৩ শতাংশ নম্বৰ লাভেৰে বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লক্ষজ্যোতি দত্ত নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে।এক নং হাতীঘুলি গাৱঁৰ নিবাসী ললিত চন্দ্ৰ দত্ত আৰু ত্ৰিৱেনী দত্তৰ সন্তান লক্ষজ্যোতিয়ে অংক বিষয়ত ৯৯,বিজ্ঞান বিষয়ত-৯১,অসমীয়া বিষয়ত-৯১,সমাজ বিজ্ঞানত-৮৭,আৰু ইংৰাজী বিষয়ত-৮৩ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ জনৰ পিতৃ পেচাত এজন পকা মিস্ত্ৰী আছিল যদিও ন বছৰৰ পূৰ্বে সংঘটিত হোৱা এক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাত বৰ্তমান সৰু-সুৰা ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আছে।এজন সফল চিকিৎসক হোৱাৰ সপোন পুহি ৰখা কিশোৰগৰাকীয়ে সৰুৰে পৰা মেধাৰ পৰিচয় দিবলৈ সক্ষম হৈ আহিছে। অংক বিষয়ৰ টিউচন কৰাৰ লগতে ইংৰাজী বিষয়ৰ অকল ব্যাকৰণৰহে টিউচন লৈছিল। বাকী বিষয়সমূহ ঘৰতে পঢ়িছিল। গৌৰীসাগৰৰ প্ৰশান্ত ফুকন নামৰ ব্যক্তিজনে দৰিদ্ৰ পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰি অহাৰ লগতে ছাত্ৰজনৰ পঢ়াৰ ক্ষেত্ৰটো সহায়ৰ হাত আগবঢ়াই অহা বুলি পিতৃয়ে জানিব দিয়ে। ইয়াৰ উপৰিও বিদ্যালয়খনৰ অংক বিষয়ক শিক্ষক প্ৰাঞ্জল দত্তয়ো বিশেষভাৱে পঢ়াৰ ক্ষেত্ৰত সহায় কৰি অহা বুলি ছাত্ৰজনে জানিব দিয়ে।