NORTHEAST NOW (Assamese)

নতুনকৈ ২৪৯জন কোভিড-১৯ পজিটিভ চিনাক্ত; ৰাজ্যত মুঠ কৰ’না আক্ৰান্ত ৫২৫৫জনলৈ বৃদ্ধি

June 21, 2020 7:13 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যখনত শনিবাৰে নিশা নতুনকৈ ২৪৯জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে। সেইদৰে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৫২৫৫জনলৈ বৃদ্ধি পাইছে।

ৰাজ্যখনত সক্ৰিয় কোভিড-১৯ ৰোগীৰ সংখ্যা হৈছে ২০৪১জন।

আনহাতে, মুঠ ৩২০২জন ৰোগী সুস্থ হৈ উভতিছে।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ৯জন লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

শনিবাৰে আক্ৰান্তসকলৰ সৱিশেষ তথ্য অৱশ্যে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা নাই।

শুকুৰবাৰে ১০২জন কোভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

সেইদৰে, বৃহস্পতিবাৰৰ দিনটোত মুঠ ২১০ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

উল্লেখ্য যে বুধবাৰৰ দিনটোত সৰ্বমুঠ ১৮৪ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

আনহাতে, মঙলবাৰৰ দিনটোত মুঠ ২০১ গৰাকী লোক ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছিল।

Related News