শ্মশানস্থলীৰ ছাদ ভাঙি পৰি ভয়ংকৰ দুৰ্ঘটনা; ২৫জন লোকৰ মৃত্যু

1609669217_muradnagar

ঘটনাস্থলীত এনডিআৰএফৰ উদ্ধাৰ অভিযান। ফটো সৌজন্য: @VasantPawade

নতুন বছৰৰ আৰম্ভণিতেই সংঘটিত হৈছে এক ভয়াবহ মৰ্মান্তিক ঘটনা। উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ মুৰাদ নগৰত শ্মশানস্থলীত ছাদ ভাঙি পৰি ২৫জন লোকৰ মৃত্যু ঘটিছে।

দেওবাৰে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। ধাৰাসাৰ বৃষ্টিপাতৰ বাবে ছাদৰ তলত আশ্ৰয় লোৱা লোকসকলৰ ওপৰতে ছাদখন ভাঙি পৰি দুৰ্ঘটনাতো সংঘটিত হয়।

ৰামধন নামৰ এজন ব্যক্তিৰ অন্তিম সৎকাৰত উপস্থিত থকাৰ সময়তে এই ঘটনাটো ঘটে। মৃত লোকসকল সেই মৃত ব্যক্তিজনৰ আত্মীয় বুলি জানিব পৰা গৈছে।

ঘটনাটো সংঘটিত হোৱাৰ পাছত কেইবাঘন্টা জুৰি উদ্ধাৰ কাৰ্য চলে। বহু দেৰিলৈকে একাংশ লোক ভগ্নস্তুপৰ মাজত আৱদ্ধ হৈ পৰে।

এনডিআৰএফে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য সম্পন্ন কৰে। আহত বহুকেইজনক হাস্পাতলত ভৰ্তি কৰোৱা হয়।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, গাজিয়াবাদ থানাৰ অন্তৰ্গত উখলাৰচি গাওঁত এজন ব্যক্তিৰ মৃত্যুৰ পাছত আত্মীয়-কুটুমে তেওঁৰ অন্তিম সৎকাৰৰ বাবে মৃতদেহ শ্মশানলৈ লৈ গৈছিল।

পৰিয়ালৰ লোকে মৃত ব্যক্তিজনৰ শেষকৃত্য সম্পন্ন কৰাৰ সময়তে শ্মশানস্থলীৰ ছাদখন ভাঙি পৰে।

এই মৰ্মান্তিক ঘটনাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিভিন্ন নেতাই শোক প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহত ব্যক্তিৰ পৰিয়াললৈ ২লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে।

ইতিমধ্যে, প্ৰশাসনে ছাদ নিৰ্মাণ কৰা ঠিকাদাৰজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।