তীৰ্থস্থান পুৰীত ভয়াবহ পথ দুৰ্ঘটনা: আহত ২৫ জনতকৈও অধিক লোক

Bus accident in Puri

হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান উৰিষ্যাৰ পুৰীৰ পৰা তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত কমেও ২৫ জন লোক আহত হৈছে।

দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছখন পুৰীৰ পৰা তামিলনাডু অভিমুখে গৈ আছিল।

যাত্ৰাপথতে বাছখন গঞ্জাম জিলাৰ ৰামভাৰ ওচৰৰ ঘাইপথত বাগৰি পৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাছখনত ৫০ জন যাত্ৰী আছিল। বাছখনৰ সকলো যাত্ৰী তীৰ্থ ভ্ৰমণৰ বাবে আহিছিল বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।

দুৰ্ঘটনাৰ ফলত প্ৰায় ২৫ জন আঘাতপ্ৰাপ্ত হয়। ইয়াৰে চাৰিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে।

ঘাইপথ বহল কৰণ প্ৰকল্পৰ কাম চলি থকা ঠাইতে বাছখন দুৰ্ঘটনাগ্ৰস্ত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে জিলাখনৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলে পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলী পৰিদৰ্শন কৰিছে।

আহতসকলক ইতিমধ্যে চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।