অসম আন্দোলনৰ কৰ্মী, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সঞ্জীৱ শৰ্মা ঠাকুৰৰ মৃত্যু

ATTACHMENT

ৰাজ্যৰ ক্ৰীড়া সাংবাদিকতাৰ ক্ষেত্ৰখনত একপ্ৰকাৰ শূণ্যতাৰ সৃষ্টি কৰি বুধবাৰে ইহলীলা সম্বৰণ কৰিলে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়া সাংবাদিক, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী সঞ্জীৱ শৰ্মা ঠাকুৰে।

মাথোঁ কিছুদিন আগতে ঘৰৰ ছিৰিৰ পৰা পিছলি পৰাৰ পাছত চিকিৎসাধীন হৈ থকা ঠাকুৰৰ আমিনগাঁৱৰ নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হস্পিতালত বুধবাৰে দিনৰ ১১ বজাত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁ বয়স হৈছিল ৫৯ বছৰ।বিশিষ্ট ক্ৰীড়া সাংবাদিক গৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে প্ৰাথমিক অৱস্থাত অধ্যাপনাৰ লগত জড়িত হৈ পৰা ঠাকুৰে পাছলৈ ১৯৮৭ চনত অগপৰ শাসনকালত মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰেছ উপদেষ্টা ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ধাৰাভাষ্যকাৰ হিচাপে খ্যাতি অৰ্জন কৰা ঠাকুৰে বিগত প্ৰায় চাৰি দশকজুৰি ৰাজ্যৰ আগশাৰীৰ ক্ৰীড়া ধাৰভাষ্যকাৰ হিচাপে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় আৰু স্থানীয় ক্ৰীড়াৰ ধাৰাবিৱৰণী আগবঢ়াইছিল। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অসম আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবে সেই সময়ত তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল।মৃত্যুৰ সময়ত তেওঁ ইহসংসাৰত একমাত্ৰ পত্নীক এৰি থৈ যায়।

ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি ভিন্ন দল- সংগঠনৰ লগতে মুখ্য মন্ত্ৰী সোণোৱালেও গভীৰ শোক ব্যক্ত কৰিছে।