বিগত প্ৰায় এমাহৰো অধিক কাল সন্ধানহীন হৈ থকা পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকনৰ স্থিতি অহা ১৪ দিনৰ ভিতৰত জনাবলৈ কেন্দ্ৰ- ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। সেই অনুসৰি অহা ১৪ দিনৰ ভিতৰত চৰকাৰে ন্যায়ালয়ক জনাব লাগিব ৰেৱতী ফুকনৰ স্থিতি।
ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনৰ আবেদনৰ ভিত্তিত আজি উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠ এখনে শুনানিৰ অন্তত এই ৰায় প্ৰদান কৰে।
উল্লেখযোগ্য যে আলফা-চৰকাৰৰ মাজত আলোচনা কৰিবলৈ মধ্যস্থতাৰ বাবে এসময়ত গঠিত পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকন যোৱা এমাহৰো অধিক দিন নিৰুদ্দেশ হৈ আছে। তেওঁ ২২ এপ্ৰিলৰ দিনা পুৱা আন দিনাৰ দৰে খোজ কাঢ়িবলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত দেউতাক ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত আৰক্ষী সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছিল পুত্ৰ কৌশিক ফুকনে।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ সৈতে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিশেষ ঘনিষ্ঠতা আছিল। আনকি দুয়োগৰাকীয়ে শেহতীয়াভাৱে ৰোমানিয়াত এখন বিশেষ বৈঠকত মিলিত হৈছিল বুলি প্ৰকাশ কৰিছিল বিভিন্ন সংবাদ মাধ্যমে।
আনহাতে পৰেশ বৰুৱাই ৰেৱতী ফুকনৰ অপহৰণ হোৱা বুলি দাবী কৰিছিল আৰু ইয়াত কেন্দ্ৰীয় চোৰাংচোৱা বাহিনী (আই বি) বা ‘ৰ’ৰ হাত থাকিব পাৰে বুলি সন্দেহৰ আঙুলি টোঁৱাইছিল। আনকি এই ঘটনাত আন বহুতে আলোচনাপন্থী আলফালৰ হাত থকাৰ সন্দেহ ব্যক্ত কৰিছিল।তাৰ মাজতে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দান যথেষ্ট গুৰুত্বপূৰ্ণ।