• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ৰাজ্যৰ প্ৰায় ২৬ লক্ষ জনতা, বিকল্প ব্যৱস্থাৰে সমস্যা  সমাধানৰ দাবী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 17, 2021 3:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ চূড়ান্ত হেমাহি আৰু গাফিলতিৰ ফলত অসমত বসবাস কৰা কোচ ৰাজবংশীকে ধৰি বিভিন্ন জাতি- জনগোষ্ঠীৰ প্ৰায় ২৬ লক্ষ জনতাই আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ পিছতো তেওঁলোকে এতিয়াও আধাৰ কাৰ্ড পাবলৈ সক্ষম হোৱা নাই বুলি চিলাৰায় উন্নয়ন মঞ্চই অভিযোগ উত্থাপন কৰিছে ৷

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত মঞ্চৰ সভাপতি বিক্ৰমজিৎ ৰায়ে কয় যে চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে ৰাজ্যখনৰ এইসকল নাগৰিকে এতিয়া আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হ’বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷

কাৰণ তেওঁলোকৰ পঞ্জীয়ন নম্বৰসমূহ ইউআইডিএআই কৰ্তৃপক্ষই বন্ধ কৰি থৈ দিছে ৷

যাৰ পৰিপ্ৰেক্ষিতত সেইসকল  নাগৰিকৰ মাজত এতিয়া হাহাকাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ৷ সভাপতি ৰায়ে ৰায় কয় যে এন আৰ চিৰ প্ৰথমখন তালিকা প্ৰকাশ হোৱাৰ পিছত অসমৰ বহু নাগৰিকৰ নাম উক্ত তালিকাত সন্নিবিষ্ট হোৱা নাছিল ৷

যাৰ বাবে সেইসকল নাগৰিকে শুনানিৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ উক্ত শুনানি চলি থকাৰ সময়তে অসম চৰকাৰে ইউআইডিএআই  ৰ সহযোগত আধাৰ কাৰ্ড প্ৰস্তুতকৰণৰ বাবে বায়’মেট্ৰিক  নামাংকণৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷

এন আৰ চি ৰ  প্ৰথমখন তালিকাৰ পৰা বঞ্চিত হোৱা বহু লক্ষ লক্ষ জনতাই শুনানিৰ জৰিয়তে  পিছত নিজৰ নাম চৃড়ান্ত খচৰাত সন্নিবিষ্ট কৰিবলৈ সক্ষম  হৈছিল ৷

কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে এন আৰ চিৰ এছ অ’ পি অনুসৰি যিসকল নাগৰিকৰ শুনানিৰ সময়ত বায়’মেট্ৰিক লোৱা হৈছিল, সেইসকল নাগৰিকে আধাৰ কাৰ্ড বনাব পৰা নাই নতুবা নতুনকৈ আবেদনো কৰিব পৰা নাই ৷

যাৰ পৰিণতিত প্ৰধানমন্ত্ৰী আৱাস যোজনা, ৰেচন কাৰ্ড, শৈক্ষিক জলপানী, চৰকাৰী চাকৰিয়ালৰ দৰমহাকে আদি কৰি চৰকাৰৰ বিভিন্ন সা- সুবিধা বা আঁচনি লাভ কৰাৰ পৰা একমাত্ৰ আধাৰ কাৰ্ড নোহোৱা বাবেই বঞ্চিত হ’ব লগাত পৰিছে ৷

এই কথাখিনি চৰকাৰে ৰাজহুৱা কৰা নাছিল বাবে কোনেও জনা নাছিল ৷ এই সমস্যাটো বৰ্তমান সময়ত অসম তথা ভাৰত চৰকাৰে অতি গুৰুত্বসহকাৰে লৈ এছ অ’ পিৰ ৯ নং পেৰাটো প্ৰত্যাহাৰৰ বাবে উচ্চতম ন্যায়ালয়ত লেখ আবেদন কৰিব লাগিছিল যদিও লেখ আবেদন কৰাৰ বিপৰীতে চৰকাৰৰ নীৰৱতা আৰু হেমাহিৰ বাবে চূড়ান্ত খচৰাত নাম সন্নিবিষ্ট হোৱাৰ পিছতো আধাৰ কাৰ্ড নোহোৱা বাবেই সেইসকল নাগৰিকৰ ভৱিষ্যৎ জীৱনলৈ ভাবুকি নামি আহিছে ৷

আনহাতে বৰ্তমানৰ এন আৰ চি ৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাৰ লগত চিলাৰায় উন্নয়ন  মঞ্চৰ মাজত হোৱা এক আলোচনাত ৰাজ্যিক সমন্বয়কগৰাকীয়ে অসম চৰকাৰক উক্ত বিষয়টোকলৈ বাৰম্বাৰ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো ৰাজ্য চৰকাৰে কোনো ধৰণৰ সঁহাৰি নজনোৱাৰ বিষয়ে চিলাৰায় উন্নয়ন মঞ্চক অৱগত কৰে বুলিও সংবাদ মেলত সভাপতিগৰাকীয়ে উল্লেখ কৰে ৷

যি সময়ত কেন্দ্ৰী চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষত আধাৰ কাৰ্ড বাধ্যতামূলক কৰিছে, তেনে ক্ষেত্ৰত  আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ দুৰ্ভোগ ভুগিবলগীয়া হোৱা অসমৰ প্ৰায় ২৬ লক্ষ জনতাৰ ভৱিষ্যৎ কি হ’ব বুলিও চৰকাৰত চিলাৰায় উন্নয়ন মঞ্চই প্ৰশ্ন কৰে ৷

লগতে চিলাৰায় উন্নয়ন মঞ্চই অসম তথা কেন্দ্ৰীয় চৰকাৰক  এছ অ ‘ পি ৰ ৯ নং পেৰাটো  প্ৰত্যাহাৰৰ বাবে উচ্চতম ন্যায়ালয়ত অতি সোনকালে আবেদন কৰি এইসকল ভুক্তভোগী নাগৰিকক আধাৰ কাৰ্ড প্ৰদান কৰক নাইবা বিকল্প ব্যৱস্থাৰ সন্ধান কৰি উক্ত সমস্যাবোৰৰ সমাধানৰ বাট মুকলি কৰিবলৈ দাবী জনায় ৷

মঞ্চৰ সভাপতিগৰাকীয়ে পুনৰ কয় যে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছে অহা ৩১ মাৰ্চৰ ভিতৰত যিসকলৰ আধাৰ কাৰ্ড হোৱা নাই হ’ব ৷ কিন্তু বাকী ৪০ লক্ষ লোকৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ নিদিয়ালৈকে সেই সকলৰ কথা ক’ব নোৱাৰে  ৷

এয়া লজ্বাজনক কথা ৷ কাৰণ মুখ্যমন্ত্ৰীয়ে সকলো কথা জানে ৷ লগতে চৰকাৰে যদি উচ্চতম ন্যায়ালয়ত ৯ নং পেৰাটো প্ৰত্যাহাৰৰ বাবে আবেদন কৰে ,তেতিয়াহলে নিশ্চয় প্ৰত্যাহাৰ হ’ব ৷

প্ৰত্যাহাৰ নকৰিলে সেইসকলৰ ভৱিষ্যৎ অন্ধকাৰ ৷ কিন্তু কথা হ’ল এন আৰ চি খন কেতিয়া সম্পূৰ্ণ হ’ব?  কাৰণ চৰকাৰে কেতিয়াবা কয় এই এন আৰ চি খন শুদ্ধ হোৱা নাই নতুনকৈ বনাব লাগিব আৰু কেতিয়াবা কয় আৰ জি আইৰ প্ৰতিবেদন লাগিব ৷ এনে অৱস্থাত আধাৰ কাৰ্ডৰ কাৰণে এইসকল নাগৰিকে কি কৰিব? কাৰণ আধাৰ কাৰ্ড নথকাৰ বাবে ৰাজ্যৰ বাহিৰত শিক্ষা গ্ৰহণ,  চাকৰি কৰিব যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

সেয়ে চৰকাৰে এই সমস্যাৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমি বিকল্প ব্যৱস্থা ল’বলৈ বাধ্য হ’ম ৷ কাৰণ এনেধৰণৰ গাফিলতিৰে যদি চৰকাৰ চলাব বিচাৰিছে আৰু নিৰ্বাচনৰ সময়তহে কেৱল খিলঞ্জীয়াৰ কথা মনত পৰে তেতিয়াহলে প্ৰত্যাহ্বানৰ কাৰণে সাঁজু থাকক ৷

এনেও কোচ ৰাজবংশীসকলক কেতিয়াবা বিদেশী সজাই হাৰাশাস্তি কৰি আহিছে ৷ এইবাৰ পুনৰ আধাৰ কাৰ্ডৰ নামত হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে ৷

এফালে ‘কা’ গৃহীত কৰি অবৈধ বিদেশীক আশ্ৰয় দিব ওলাইছে  আৰু আনফালে ৰাজ্যখনৰ নাগৰিকক আধাৰ কাৰ্ডৰ বাবে হাৰাশাস্তি  কৰি চৰকাৰী সা- সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে এইখন চৰকাৰে ৷ গতিকে অতি সোনকালে চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় মঞ্চই ৷

সংবাদ মেলত মঞ্চৰ সাধাৰণ সম্পাদক দেৱজিৎ ৰায়, উপ সভাপতি হৃদয় কুমাৰ ৰায়, বিত্ত সম্পাদক সঞ্জিৎ বৰ্মণ, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি বুলবুল ৰায়, চিৰাং জিলা সমিতিৰ সভাপতি ধৰ্ম চন্দ্ৰ ৰায়,  বঙাইগাঁও জিলা সমিতিৰ উপ সভাপতি উৎপল বৰ্মণ আদি উপস্থিত আছিল ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd