NORTHEAST NOW (Assamese)

ছত্তীশগড়ত পুনৰ সেনাৰ গুলীত নিহত ২৬ মাওবাদী

May 21, 2025 3:26 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

ছত্তীশগড়ৰ নাৰায়ণপুৰত মাওবাদ বিৰোধী অভিযানত সেনাৰ গুলীত নিহত হৈছে ২৬ গৰাকী মাওবদী কেডাৰ।

ৰাজ্যৰ গৃহমন্ত্ৰী বিজয় শৰ্মাই বুধবাৰে কয়, “প্ৰায় ৫০ ঘণ্টা ধৰি অৰ্ছা অঞ্চলত তালাচী অভিযান চলি আছিল। এই অভিযানৰ সময়ত ২৬ জনতকৈ অধিক মাওবাদী নিহত হৈছে। ইয়াৰ ভিতৰত কেইবাগৰাকীও মাওবাদী নেতা নিহত হৈছে।”

তেওঁ কয় যে তালাচী অভিযান এতিয়াও চলি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ চৰকাৰ ছত্তীশগড়ক ‘ৰঙা সন্ত্ৰাসৰ পৰা মুক্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

উল্লেখযোগ্য যে যোৱা ১৫ মাহত ছত্তীশগড়ৰ আৰক্ষীয়ে মাওবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে, যত এতিয়ালৈকে ৪০০ৰো অধিক সন্দেহযুক্ত মাওবাদীক হত্যা কৰা হৈছে।

গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত মাওবাদক দেশৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ কথা ঘোষণা কৰিছে।

Related News