NORTHEAST NOW (Assamese)

চলিত মাহত ক’ভিত আক্ৰান্ত লোকৰ বেছিভাগেই ১৮ৰ পৰা ৩০ৰ ভিতৰত, জনালে কেন্দ্ৰই

May 26, 2021 4:34 pm · এন ই নাও নিউজ

মে’ মাহৰ ১ তাৰিখৰ পৰা ভাৰতত ক’ভিড আক্ৰান্তৰ প্ৰায় ২৬ শতাংশ লোকেই ১৮ৰ পৰা ৩০ বয়সৰ ভিতৰত।

আজি কেন্দ্ৰীয় চৰকাৰে এই তথ্য প্ৰকাশ কৰিছে।

ইয়াৰ পাছতে ৩১ৰ পৰা ৪০ বৰ্ষীয় লোকসকল।

ইয়াৰ পৰিমাণ হৈছে প্ৰায় ২৩ শতাংশ।

অৱশ্যে চলিত মাহতে ইয়াৰ পৰিমাণ ধীৰে ধীৰে কমি অহা পৰিলক্ষিত হৈছে।

শিশু আৰু কিশোৰৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ হৈছে প্ৰায় ১০ শতাশ আৰু ই ধীৰে ধীৰে কমিবলৈ ধৰিছে।

আনহাতে, ৬০ৰ ঊৰ্ধৰ লোকৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ হৈছে প্ৰায় ১৩ শতাংশ।

শেহতীয়াকৈ ক’ভিড সংক্ৰমণ কিছু পৰিমাণে কমি অহা পৰিলক্ষিত হ’লেও বিশেষজ্ঞসকলে ইয়াক সহজে নল’বলৈ আহ্বান জনাইছে।

বিশেষজ্ঞসকলে কয় যে সহজভাৱে ল’লে ক’ভিডৰ তৃতীয় ঢৌ অতিশীঘ্ৰে আৰম্ভ হ’ব।

Related News