শিলচৰত আৰক্ষীয়ে আটক কৰিলে মহিলা-শিশুসহ ২৬ ৰহিংগীয়াক

শিলচৰ আৰক্ষীয়ে দেওবাৰে পুৱা ২৬ জন ৰহিংগীয়াক আটক কৰে। দলটোৱে শনিবাৰে ৰে’লযোগে দিল্লীৰ পৰা গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত হৈছিল আৰু দুখন ইনোভা গাড়ীৰে শিলচৰলৈ যাত্ৰা কৰিছিল ।

ৰোহিংগীয়া লোকৰ দলটোৱে আজি পুৱতি নিশা শিলচৰত উপস্থিত হৈছিল। ২৮ জনীয়া দলটোত আঠগৰাকী মহিলা, ছয়গৰাকী পুৰুষ আৰু ১২ গৰাকী শিশু আছে। অৱশ্যে, তেওঁলোকে শিলচৰলৈ কিয় গৈছিল সেই বিষয়ে একো কথা প্ৰকাশ কৰা নাই। তেওঁলোকক বৰ্তমান শিলচৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে।

জানিব পৰা গৈছে যে ম্যানমাৰত ৰহিংগীয়াসকলৰ ওপৰত হোৱা অত্যাচাৰৰ সময়ত তেওঁলোকে দেশৰ পৰা পলাই আহি গোপনে জম্মু আৰু কাশ্মীৰত আশ্ৰয় লৈছিল। তাৰ পিছত তেওঁলোকে দিল্লীলৈ গুচি গৈছিল। দিল্লীৰ পৰাই দলটোৱে অসমলৈ আহিছিল। ৰহিংগীয়াসকল ম্যানমাৰৰ সংখ্যালঘুৰ ভিতৰত অন্যতম। 

ৰহিংগীয়া মুছলমানসকলে ম্যানমাৰত মুছলমানসকলৰ সৰ্বাধিক সংখ্যক লোকক প্ৰতিনিধিত্ব কৰি আহিছে।
দলটোক শিলচৰ আৰক্ষীয়ে কোনো বৈধ নথি-পত্ৰ নথকা বাবে আটক কৰে।

কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে কয় যে প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে তেওঁলোকে শনিবাৰে জম্মুৰ পৰা ৰে’লেৰে গুৱাহাটীলৈ যাত্ৰা কৰিছিল। শিলচৰৰ কোনোবাই তেওঁলোকৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিল আৰু তেওঁলোকক শিলচৰলৈ আহিবলৈ কৈছিল বুলি কৌৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে।