কোন গৰাকী ২৬ বৰ্ষীয় সুন্দৰী অভিনেত্ৰীয়ে বিয়া হ’ব ছলমান খানৰ সৈতে ?

Untitled

ভাৰতৰ ম’ষ্ট ৱান্টেড বেচেল’ৰ হ’ল বলিউদৰ জনপ্ৰিয় অভিনেতা ৫৩ বৰ্ষীয় চলমান খান।

অতি আকৰ্ষণীয় ব্যক্তিত্ব আৰু স্বাস্থ্যৰ অধিকাৰী চলমান খানৰ কোটি কোটি অনুৰাগী আছে।

বহু সুন্দৰী যুৱতীয়ে ইতিমধ্যে বিয়াৰ বাবে প্ৰস্তাৱ দিলেও চলমান খান এই বিষয়ত কিন্তু একেবাৰে নিশ্চূপ।

কিন্তু এইবাৰ চলমান খানৰ সৈতে বিয়া হ’বলৈ মন মেলিছে বলিউদৰে এগৰাকী অতি সুন্দৰী ২৬ বৰ্ষীয় অভিনেত্ৰীয়ে।

আনকি অভিনেত্ৰীগৰাকীয়ে মুকিলকৈয়ে এই বিষয়ত মুখ খুলিছে।

এই অভিনেত্ৰী গৰাকী হ’ল বলিউদৰ অত্যন্ত সুন্দৰী আৰু আকৰ্ষণীয় দেহৰ অধিকাৰিণী অভিনেত্ৰী উৰ্ৱশী ৰাওটেলা।

এক বঁটা প্ৰদান অনুষ্ঠানত সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত অভিনেত্ৰী উৰ্ৱশীয়ে কয় যে তেওঁ চলমান খানক ভাল পায়। আৰু চলমান খানৰ সৈতে বিয়া হ’ব খোজে।

লগতে উৰ্ৱশীয়ে জনাই যে তেওঁ চলমান খানক বহুত ভাল পোৱাৰ লগতে চলমান খানৰ এগৰাকী ডাঙৰ অনুৰাগীও।