NORTHEAST NOW (Assamese)

মৰ্মান্তিক! নিযুক্তি পৰীক্ষা দিবলৈ গৈ দৌৰি থকা অৱস্থাতে মৃত্যু চাকৰি প্ৰত্যাশী যুৱকৰ

February 18, 2023 9:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 18, 2023 8:57 pm

জীৱিকাৰ এক স্থায়ী সমাধানৰ আশাত এটি চৰকাৰী চাকৰিৰ বাবে থকা হেঁপাহ পূৰণ কৰিবলৈ গৈ নিদাৰুণভাৱে মৃত্যুক সাবটিবলগীয়া হৈছে এগৰাকী যুৱকে। আৰক্ষীৰ গাড়ী চালক পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা শাৰীৰিক যোগ্যতাৰ পৰীক্ষা দি থকাৰ অৱস্থাতে মৃত্যুক সাৱটি লৈছে এইগৰাকী ২৬ বছৰীয়া যুৱকে।

এই শোকাৱহ ঘটনা সংঘটিত হৈছে শুকুৰবাৰে পুৱা মুম্বাইত। মুম্বাই আৰক্ষীৰ গাড়ী চালক পদৰ বাবে হোৱা শাৰীৰিক যোগ্যতা পৰীক্ষাৰ ১৬০০ মিটাৰৰ দৌৰত অংশগ্ৰহণ কৰি দৌৰি থকা অৱস্থাতে মৃত্যু হয় প্ৰাৰ্থীগৰাকীৰ।

প্ৰাৰ্থীগৰাকীৰ নাম গণেশ উত্তম উগালে। প্ৰাৰ্থীগৰাকীয়ে কলিনা বিশ্ববিদ্যালয়ৰ কোলেকল্যাণ খেলপথাৰত শাৰীৰিক যোগ্যতাৰ পৰীক্ষা দি থকাৰ অৱস্থাতে এই ঘটনা সংঘটিত হয়। মুম্বাই আৰক্ষীৰ মতে, দৌৰ সমাপ্ত হ’বলৈ কিছু বাকী থাকোঁতেই তেওঁ মূৰ ঘূৰাই খেলপথাৰতে ঢলি পৰে।

মুম্বাই আৰক্ষীয়ে উল্লেখ কৰা মতে, যুৱকগৰাকীয়ে আত্মীয় এগৰাকী যুৱকৰ সৈতে মুম্বাই আৰক্ষীত ড্ৰাইভাৰ আৰু কনিষ্টবল পদৰ বাবে নিযুক্তি পৰীক্ষাত ভাগ ল’বলৈ আহিছিল।

উগালেৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু মৃত্যুৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীৰ পৰা মুম্বাই আৰক্ষীয়ে ৭,০৭৬টা কনিষ্টবল পদৰ বাবে নিযুক্তি পৰীক্ষা আৰম্ভ কৰিছে। এই পদসমূহৰ বাবে ৫.৮১ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে বুলি জানিব পৰা গৈছে।

Related News