NORTHEAST NOW (Assamese)

ক’ভিডৰ দ্বিতীয় ঢৌত মৃত্যু হৈছে ২৬৯জনকৈ চিকিৎসকৰ, শীৰ্ষত আছে বিহাৰ, উত্তৰপ্ৰদেশ

May 18, 2021 7:14 pm · এন ই নাও নিউজ
(প্ৰতিনিধিত্বমূলক ফটো)

ক’ভিড-১৯ৰ দ্বিতীয় ঢৌত দেশজুৰি ২৬৯ জনকৈ চিকিৎসকৰ মৃত্যু হৈছিল।

ভাৰতীয় চিকিৎসা সংস্থাই (আইএমএ) মঙলবাৰে এই তথ্য প্ৰকাশ কৰিছে।

এইক্ষেত্ৰত বিহাৰ শীৰ্ষস্থানত আছে।

ৰাজ্যখনত ৭৮ জনকৈ চিকিৎসক ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে।

তাৰপাছতে আছে উত্তৰপ্ৰদেশ।

উত্তৰপ্ৰদেশত মৃত্যু হৈছে ৩৭জন চিকিৎসক।

আনহাতে দিল্লীত মৃত্যু হৈছে ২৮জন চিকিৎসকে।
সংস্থাটোৰ মতে, মৃত্যু হোৱা চিকিৎসকসকলৰ প্ৰায়ভাগেই বয়স ৩০ৰ পৰা ৫৫ৰ ভিতৰত।

উল্লেখযোগ্য যে, আজি পুৱা সংস্থাটোৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ডাঃ কে কে আগৰৱালাৰ দিল্লীৰ এইমছত আক্ৰান্ত হৈ মৃত্যু হয়।

দিল্লীস্থিত এইমছত মৃত্যুবৰণ কৰা ডাঃ আগৰাৱালই দেশৰ ক’ভিডবিৰোধী যুঁজত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।

Related News