NORTHEAST NOW (Assamese)

অসমত ২৬৯৮ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.৬৭ শতাংশলৈ বৃদ্ধি

September 5, 2020 10:49 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

২৬৯৮গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৭.৬৭ শতাংশলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে এই হাৰ আছিল ৭.৩৪ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৫,১৪৭টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৭০০, বঙাইগাঁৱৰ ১৯০, লখিমপুৰৰ ১৫১ আৰু কামৰূপৰ ১৪২গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত সক্ৰিয় ৰোগীৰ সংখ্যা ৩০,৮৫০লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে মুঠ ১,২৩,৯২২গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে। ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে আৰু সাতগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মৃতকৰ সংখ্যা ৩৫২লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপ মহানগৰৰ ৰাজেন কাকতি (৮০), চৰাইদেউৰ প্ৰফুল্ল বৰা (৬৫), শিৱসাগৰৰ চিনাৰাম চেতিয়া (৫৪), হাইলাকান্দিৰ ফাইজুল ইছলাম লস্কৰ (৬২), যোৰহাটৰ দেৱযানি নেওগ (৭০) আৰু দৰঙৰ বাদল চন্দ্ৰ ৰয় (৬৩) আৰু ৰোস্তম আলি (৬৩)।

শুকুৰবাৰলৈকে অসমত ৩৪৫গৰাকী ব্যক্তিয়ে ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ৯২,৭১৭গৰাকী ব্যক্তিয়ে শুকুৰবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

Related News