NORTHEAST NOW (Assamese)

আজি সামৰণি পৰিব ২৬ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

October 26, 2018 11:26 am · মিটু খাটনিয়াৰ
প্ৰতিনিধিত্বমূলক ছবি

শিশুৰ মাজত ‘বিজ্ঞান চিন্তা’ আৰু ‘বিজ্ঞান চৰ্চা’ৰ পৰিকল্পিত মঞ্চ হৈছে ‘ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ’। শিশু তথা ছাত্র-ছাত্ৰীৰ মাজত বৈজ্ঞানিক মানসিকতা, বৈজ্ঞানিক দৃষ্টিভংগীৰ সৃষ্টি কৰি এখন সুন্দৰ বৈজ্ঞানিক মনস্তাত্বিক সমাজ গঠন কৰি আধুনিক বিশ্বৰ লগত খোজত খোজ মিলাই যাবলৈ অহৰ্নিশে প্ৰচেষ্টা চলাই আহিছে ‘ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ’।

অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ পীঠস্থল, মনিকাঞ্চনৰ সংযোগ স্থলী মাজুলীত অনুষ্ঠিত হৈ থকা চলিত বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ আজি অন্তিম দিন। অসমৰ প্ৰায়বোৰ জিলাৰ পৰা আহি সমবেত হোৱা ১০-১৭ বছৰীয়া ছাত্র-ছাত্ৰীসকলে জয়গান গাইছে বিজ্ঞানৰ। এই মাজুলীতে আৰু সৃষ্টিশীল নতুন বিজ্ঞান চিন্তাৰ উন্মেষ ঘটিব বুলি ধাৰণা কৰা হৈছে।

কমলাবাৰীস্থিত মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা ২৬ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসমৰ কিছু স্বনামধন্য বিজ্ঞানীয়েও অংশগ্ৰহণ কৰিছে। ৰাজ্যৰ ৩২ খন জিলাৰ ২৩৩ গৰাকী শিশু বিজ্ঞানীয়ে ইতিমধ্যে এই সমাৰোহত নিজৰ প্ৰকল্প সমূহ প্ৰদৰ্শন কৰি ।

সমাৰোহত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নেৰিষ্টৰ জ্যেষ্ঠ বিজ্ঞানী ড০ মন্টু ভূঞা আৰু বিশিষ্ট পৰিৱেশ সংৰক্ষক যাদৱ পায়েঙৰ অন্তৰংগ আলাপৰ এটি অনুষ্ঠানৰ লগতে মূল্যায়কৰ দিকদৰ্শন সভা, জিলা সমন্বয় আৰু জিলা শৈক্ষিক সমন্বয়কৰ যুটীয়া সভাও অনুষ্ঠিত হয়।

উল্লেখ্য যে এই সমাৰোহত ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা প্ৰকল্পৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ মুঠ ২৬ টা প্ৰকল্প বাছি উলিওৱা হ’ব বুলি জানিবলৈ দিছে।

ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ সঞ্চালক সুজিত বেনাৰ্জী আৰু বিশিষ্ট বিজ্ঞানী ড০ প্ৰশান্ত গোস্বামীয়ে সমাৰোহত অংশগ্ৰহণ কৰা শিশু বিজ্ঞানীসকলৰ লগত মত বিনিময় কৰো দেখা যায়।

Related News