• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অৱশেষত কাৰামুক্ত হ’ল ছিদ্দিক কাপ্পান: মুকলি আকাশৰ তললৈ আহিয়ে দিলে যুঁজ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 12:11 pm
Siddique Kappan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুবছৰতকৈ অধিক সময় কাৰাগাৰত আৱদ্ধ থকাৰ পাছত অৱশেষত আজি মুকলি আকাশৰ তললৈ আহিল কেৰালাৰ সাংবাদিক ছিদ্দিক কাপ্পান। উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত ধৰ্ষণ কাণ্ডৰ বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়তে ৰাজ্যখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাপ্পানক যোৱা বৰ্ষৰ ডিচেম্বৰতে এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছতো এমাহৰো অধিক সময় কাৰাৰুদ্ধ হৈ থাকিবলগীয়া হৈছিল।

আজি লক্ষ্ণৌ কাৰাগাৰৰ পৰা বাহিৰ হৈয়ে কাপ্পানে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কেতিয়াও থমকি নৰয় বুলি স্পষ্ট কৰি দিয়ে। “মই কঠোৰ আইনৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিম। ২৮ মাহৰ দীৰ্ঘদিনীয়া যুঁজৰ পিছত জামিন লাভ কৰাৰ পিছতো তেওঁলোকে মোক জেলত ৰাখিছিল। মই নাজানো মোৰ জেলত থকাৰ ফলত কোনে লাভৱান হৈছে। এই দুটা বছৰ আছিল অতি কঠিন, কিন্তু মই কেতিয়াও ভয় কৰা নাছিলো।”— কাপ্পানে কয়।

আমোলাতন্ত্ৰিক ভুলৰ বাবে জামিন পোৱাৰ এমাহৰ পাছতো কাপ্পান কাৰাৰুদ্ধ হৈ থাকিবলগীয়া হৈছিল বুলি জানিব পৰা গৈছিল। মঙলবাৰে সন্ধিয়া কাপ্পান কাৰামুক্ত হোৱাৰ কথা আছিল যদিও ধন সৰবৰাহৰ গোচৰ শুনানি গ্ৰহণ কৰা বিশেষ আদালতৰ ন্যায়াধীশ বাৰ কাউন্সিলৰ নিৰ্বাচনত ব্যস্ত থকাৰ বাবে তেওঁৰ মুক্তিত পুনৰ বিলম্ব ঘটিছিল।

উল্লেখ্য যে ২০২০ চনৰ ১৪ ছেপ্টেম্বৰত হাথৰাছৰ এখন গাঁৱত সংঘটিত হৈছিল এক নৃশংস দলবদ্ধ ধৰ্ষণকাণ্ড। চাৰিজন ব্যক্তিয়ে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ কিছুদিন পিছতে দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল।

এই ঘটনাৰ বিষয়ে প্ৰতিবেদন প্ৰস্তুতৰ বাবে যোৱাৰ সময়তে মালায়ালম নিউজ পৰ্টেল আজিমুখামৰ প্ৰতিবেদক তথা কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্টৰ (KUWJ) দিল্লী গোটৰ সম্পাদক কাপ্পানক আন তিনিজন সতীৰ্থৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে অভিযুক্ত আটাইকেইগৰাকী ব্যক্তি নিষিদ্ধ সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া আৰু ইয়াৰ ছাত্ৰ শাখা কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়া (চিএফআই)ৰ সদস্য বুৰি দাবী কৰিছিল। সাম্প্ৰদায়িক বিভেদ বিয়পোৱাৰ উদ্দেশ্যে পি এফ আইৰ নিৰ্দেশত কাপ্পান হাথৰাছলৈ গৈছিল বুলি অভিযোগ তুলিছিল আৰক্ষীয়ে।

আনহাতে ছিদ্দিক কাপ্পান আৰু তেওঁৰ অধিবক্তাই বাৰে বাৰে সন্ত্ৰাসবাদী কাৰ্য বা বিত্তীয় সাহায্যৰ সৈতে জড়িত সকলো অভিযোগ অস্বীকাৰ কৰিছিল আৰু কেৱল সংবাদ সংগ্ৰহৰ বাবে হাথৰাছলৈ গৈছিল বুলি স্পষ্ট কৰি দিছিল।

আৰক্ষীয়ে আটাইকেইগৰাকীৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰা ১৭ আৰু ১৮, ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪ এ, ১৫৩এ আৰু ২৯৫ এ- ৰ লগতে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৫, ৭২ আৰু ৭৫ ৰ অধীনত গোচৰ ৰুজু কৰিছিল।

ইয়াৰ পাছতো ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে কাপ্পানৰ বিৰুদ্ধে শেহতীয়াকৈ নিষিদ্ধ ঘোষিত হোৱা ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ পৰা ধন লাভ কৰা বুলি অভিযোগ উত্থাপন কৰি ধন সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল।

যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে কাপ্পানক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA) আৰু অন্যান্য আনুষংগিক আইন অনুসৰি দাখিল কৰা সন্ত্ৰাসবাদৰ সৈতে থকা সম্বন্ধৰ গোচৰত জামিন প্ৰদান কৰে। আনহাতে ডিচেম্বৰ মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা ধন সৰবৰাহৰ গোচৰত জামিন লাভ কৰিছিল কাপ্পানে।

উল্লেখ্য যে কাপ্পানৰ দীঘলীয়া কাৰাবাস আৰু এই সময়ছোৱাত তেওঁৰ পৰিয়ালে সন্মুখীন হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে বিশ্বব্যাপী প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাপ্পানৰ এই কাৰাবাসক ভাৰতৰ ক্ৰমাৎ সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস হোৱাৰ এক এক স্পষ্ট উদাহৰণ বুলিও অভিযোগ উঠিছিল।

কাপ্পানে জামিন আবেদনত স্বতন্ত্ৰতাৰ অধিকাৰ লগতে স্বতন্ত্ৰ মাধ্যমত মত প্ৰকাশ আৰু বাক স্বাধীনতা সম্পৰ্কীয় প্ৰাথমিক সাংবিধানিক অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁক গ্ৰেপ্তাৰৰ পাছতে উত্তৰ প্ৰদেশৰ শাসকীয় বিজেপি চৰকাৰে মুছলমান হোৱাৰ বাবেই কাপ্পানক লক্ষ্য কৰি লৈছিল বুলি অভিযোগ উঠিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd