NORTHEAST NOW (Assamese)

অসমত ২৮৮৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৪.৮৬%

August 4, 2020 11:18 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

২৮৮৬গৰাকী ব্যক্তি অসমত মঙলবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

এইসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৫০, কামৰূপৰ ২৯৪, নগাঁৱৰ ২১৩ আৰু ডিব্ৰুগড়ৰ ২০১গৰাকী।

অৱশ্যে অসমত টেষ্টৰ তুলনাত ক’ভিড পজিটিভৰ হাৰ পাইছে।

যোৱা ২৪ ঘণ্টাত অসমত এতিয়ালৈকে সৰ্বাধিকসংখ্যক ৫৯,০৬৪টা টেষ্ট সম্পন্ন হৈছে।

পজিটিভৰ হাৰ হৈছে ৪.৮৬ শতাংশ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইফালে আৰু ছগৰাকী ক’ভিড ৰোগীৰ মৃত্যুৰ সৈতে অসমত ৰোগবিধত মৃতকৰ সংখ্যা ১১৫লৈ বৃদ্ধি পাইছে।

নতুন আক্ৰান্তসকলক ধৰি অসমত চিনাক্ত ক’ভিড১৯ পজিটিভৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৪,৬১৫গৰাকী।

অসমত এতিয়ালৈকে ৩৩,৪২৮গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

Related News