• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জন্ম হৈয়ে ২০ মিনিটলৈকে তেজেৰে তুমৰলি হৈ কোভিড ৱাৰ্ডত পৰি থাকিল এটি নৱজাতক

এটা ভাইৰেল টেলিফোনিক বাৰ্তালাপে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য; তদন্তৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
August 5, 2020 6:35 am
new baby just coming into the world

প্ৰতিকী ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী কোভিড পজিটিভ  প্ৰসুতিয়ে সন্তান প্ৰসৱ কৰাৰ পিছতে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডৰ এক অভাৱনীয় কাণ্ড পোহৰলৈ আহিছে৷

কোভিড ৱাৰ্ডত থকা এগৰাকী কোভিড ৰোগীৰ ভাইৰেল হৈ পৰা এটি টেলিফোনিক বাৰ্তালাপে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত৷ ভাইৰেল হৈ পৰা টেলিফোনিক বাৰ্তালাপটোৰ অভিযোগ মতে বিশ্বনাথ চাৰিআলি চিভিল হাস্পতালৰ কোভিড ৱাৰ্ডত চিকিৎসাধীন হৈ থকা বিশ্বনাথ জিলাৰ দিকৰাইৰ খৃষ্টানবষ্টিৰ কোভিড পজিটিভ প্ৰিয়া গোৱালা নামৰ ২১ বছৰীয়া মহিলা গৰাকীয়ে আজি পুৱা জন্ম দিয়ে এটি কন্যা সন্তান৷

Apply Now

কিন্তু সন্তান প্ৰসৱৰ সময়ত নাছিল চিকিৎসক আৰু নাৰ্ছ৷ প্ৰসুতি গৰাকীৰ প্ৰসৱ বেদনা অহাৰ বিষয়েও ফোন যোগে জনাইছিল চিকিৎসাকৰ্মীক। পিছে কোনো গুৰুত্ব নিদিলে চিকিৎসক তথা নাৰ্ছে।

আনকি প্ৰসৱ হোৱাৰ ২০ মিনিতলৈকে তেজৰে লুটুৰি পুটুৰি হৈ মাকৰ লগতে পৰি আছিল নৱজাতকটি৷

ইফালে প্ৰসৱৰ ২০ মিনিটৰ পিছত উপস্থিত হোৱা নাৰ্চে কাষতে থকা কোভিড ৰোগীৰ বিচনাত শুৱাই দিছিল নৱজাতকটিক আৰু প্ৰায় ডেৰ ঘন্টা পিছতহে কোভিড ৱাৰ্ডটোত উপস্থিত হয় চিকিৎসক৷

এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাই নহয়, কোভিড কেয়াৰ চেণ্টাৰটোত চলি থকা চিকিৎসাকৰ্মীৰ চূড়ান্ত অৱহেলাৰ ছবি এখনো দাঙি ধৰিছে।

ইফালে নৱজাতকটিৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষা কৰিব লাগিছিল যদিও বৰ্তমানলৈকে লোৱা নাই কোনো ব্যৱস্থা৷

উল্লেখ্য যে, সোমবাৰে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকেশ্বৰ বৰাৰ জীয়ৰী নৱমল্লিকা বৰাৰ এই টেলিফোনিক বাৰ্তালাপে এতিয়া তোলপাৰ লগাইছে স্বাস্থ্য বিভাগত৷

আনকি একেটা কোভিড ৱাৰ্ডতে থকা লোকেশ্বৰ বৰাৰ পত্নী আৰু জীয়ৰীৰ অভিযোগ তেজপুৰ মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজত আই চি ইউ খালী নথকাৰ বাবেই কালি কোভিডত আক্ৰান্ত পিতৃৰ মৃত্যু হ’ল।

টেলিফোনিক অভিযোগ মতে বিশ্বনাথ চাৰিআলিৰ কোভিড ৱাৰ্ডত লোকেশ্বৰ বৰাক চিকিৎসা প্ৰদান কৰোতে কৰা হৈছিল গাফিলতি। আনকি অক্সিজেন চিলিণ্ডাৰ ফিট কৰিবলৈও কোভিড ৱাৰ্ডলৈ নাহে চিকিৎসাকৰ্মী।

জীয়ৰী নৱমল্লিকাই পিতৃক দিবলৈ নিজেই অক্সিজেন চিলিণ্ডাৰ টানি টানি নিব লগা হৈছিল। আনকি চেনিটাইজাৰ, ঔষধ আদি যোগান  ধৰা নাছিল পৰ্যাপ্ত পৰিমাণে৷

তদুপৰি সময়মতে ঔষধ খাবলৈও নাৰ্ছক খাটনি কৰিব লগা হয় কোভিডত আক্ৰান্তসকলে।

“অ মুনু, মোৰ জীয়াই থাকিবলৈ বৰ ইচ্ছা আছে” বুলি নিজ কন্যাক পিতৃয়ে কৈছিল যদিও একমাত্ৰ স্বাস্থ্য বিভাগৰ চৰম গাফিলতিৰ বাবে  লোকেশ্বৰ বৰাই মৃত্যুক সাৱটি লোৱাৰ পিছত শোকত ম্ৰিয়মান হৈ পৰা জীয়ৰী নবমল্লিকাই এতিয়া ইয়াৰ এক উচিত তদন্ত বিচাৰিছে।

এই কথা বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এক সংবাদমেল যোগে জানিবলৈ দিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱাই।

উল্লেখ্য যে, সঞ্জু বৰুৱাক নৱমল্লিকা বৰাই এই সমস্ত ঘটনা মোবাইলযোগে অৱগত কৰিছিল। ইফালে কংগ্ৰেছ নেতা সঞ্জু বৰুৱাই ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকালৈ এই বিষয়ে জনাবলৈ ফোন কৰিছিল যদিও ফোন ৰিচিভ নকৰিলে বুলি সংবাদমেলত জানিবলৈ দিছে সঞ্জু বৰুৱাই।

আনহাতে বিশ্বনাথৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে বিশ্বনাথ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক এই ঘটনাৰ তদন্ত কৰি প্ৰতিবেদন প্ৰকাশ কৰিবলৈ মৌখিক নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।

Tags: COVID-19
কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd