বিজেপি মিত্ৰজোঁটৰ খোপনি থকা গুৱাহাটীৰ তিনিটাকৈ সমষ্টিত অজাপ প্ৰাৰ্থীয়ে ক’লে “ৰাইজৰ বিপুল সঁহাৰিত আমি জয়ী হ’ম”

a3

বিজেপিৰ লগতে অগপৰ খোপনি বা দুৰ্গ হিচাপে পৰিগণিত হোৱা পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু দিছপুৰ সমষ্টিত এইবাৰ অসম জাতীয় পৰিষদৰ তিনিগৰাকী প্ৰাৰ্থীৰ দাবী ‘এইবাৰ তেওঁলোক সমষ্টিকেইটাত বিপুল সঁহাৰি লৈ জয়ী হ’ব।‘

আজি অসম জাতীয় পৰিষদৰ তিনিগৰাকী প্ৰাৰ্থী ক্ৰমে দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰিন্স ফাইজুল হক, পূৱ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ ফুকন আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী ৰুণা লাইলাই কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ত মনোনয়ন দাখিল কৰে।

দিছপুৰ সমষ্টিৰ প্ৰিঞ্চ ফাইজুল হকে মনোনয়ন দাখিলৰ পূৰ্বে দাবী কৰি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় “মই নিশ্চিত যে এইবাৰ নিৰ্বাচনত মই জয়ী হ’ম আৰু ৰাইজে মোক আঁকোৱালি লৈছে। ৰাইজে পৰিৱৰ্তন বিচাৰিছে কাৰণ পূৰ্বৰ বিধায়কৰ পৰা কোনো ধৰনৰ সঁহাৰি নাপালে তেওঁলোকে আৰু সেইবাবে ৰাইজে তেওঁক বিচাৰিছে।

‘অতুল বৰা যোৱাবাৰ জয়ী হৈছিল কাৰণ মানুহে তেওঁৰ পৰা কিছু উন্নয়ন বিচাৰিছিল কিন্তু তেওঁৰ পৰা কোনো উন্নয়নৰ মুখেই দেখা নাপালে ,সেইবাবে এইবাৰ ৰাইজে  আমাক বিচাৰিছে ।‘ হকে দাবী কৰি কয়।

সাংবাদিকৰ আগত অদীপ ফুকনে কয় “মই মোৰ সমষ্টিবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। পূব গুৱাহাটী সমষ্টিতো অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি আৰু যিহেতু আঞ্চলিকতাবাদৰ দুৰ্গ আছিল ,এই দুৰ্গ পুনৰ উদ্ধাৰৰ যুঁজ খনত  মই জড়িত হব বিচাৰিছোঁ।

ইপিনে, পশ্চিম গুৱাহাটী সমষ্টিৰ অজাপ প্ৰাৰ্থী ৰুণা লাইলাই কয় “মই আমাৰ সমষ্টিটোৰ স্থায়ী বাসিন্দা, সেইবাবে মই আমাৰ সমষ্টিটোৰ ৰাইজৰ  বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে অৱগত। মই  সেইবোৰ ভৱিষ্যতে সমাধান কৰিম আৰু সেইবাবে মোক মোৰ সমষ্টিবাসী ৰাইজে জয়যুক্ত কৰিব।‘

এনেদৰেই এতিয়া বিজেপিৰ খোপনি থকা সমষ্টি নিজৰ দখললৈ অনাৰ বাবে যুদ্ধক্ষেত্ৰত নামিছে অজাপৰ তিনিপ্ৰাৰ্থী।

পূৱ গুৱাহাটী সমষ্টিৰ পৰা ৰাইজৰ দলৰ দিৱস ফুকনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আজি তেঁৱো মনোনয়ন দাখিল কৰে।