NORTHEAST NOW (Assamese)

বৰাকত প্ৰধান মন্ত্ৰী গ্ৰাম্য আৱাস যোজনা আঁচনি ৰূপায়িত নকৰাৰ বাবে ৩গৰাকী খণ্ড উন্নয়ন বিষয়াক নিলম্বন

September 22, 2018 10:53 am · ৰাহুল চক্ৰবৰ্তী

প্ৰধান মন্ত্ৰী গ্ৰাম্য আৱাস যোজনা আঁচনি ৰূপায়িত নকৰাৰ বাবে বৰাক উপত্যকাৰ ৩গৰাকী খণ্ড উন্নয়ন বিষয়াক নিলম্বিত কৰা হৈছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত ড০ পি অশোক বাবুৰ বিশেষ নিৰ্দেশযোগে এই বিষয়াকেইগৰাকীক নিলম্বিত কৰিছে।

নিলম্বিত খণ্ড উন্নয়ন বিষয়াকেইগৰাকী হৈছে হাইলাকান্দি লালা উন্নয়ন খণ্ডৰ গিৰীশ চন্দ্ৰ বৈশ্য, কাচাৰ জিলাৰ বৰজালেঙা উন্নয়ন খণ্ডৰ ৰঞ্জিৎ কলিতা আৰু উত্তৰ কৰিমগঞ্জ উন্নয়ন খণ্ডৰ সুৰজ দাস।

ইন্দিৰা আৱাস যোজনাক অন্তৰ্ভুক্ত কৰি প্ৰধান মন্ত্ৰী গ্ৰামীন আৱাস যোজনাৰ প্ৰৱৰ্তন কৰা হৈছে। এই আঁচনিৰ জৰিয়েতে ২০২০ চনৰ ভিতৰত সকলো গৃহহীন, জৰাজীৰ্ণ বা কেঁচাঘৰত বাস কৰা লোককেই প্ৰাথমিক সা-সুবিধাসহ একোটাকৈ পকীঘৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।

Related News