ভাৰতীয় পেনৰামালৈ নিৰ্বাচিত উত্তৰ-পূবৰ ৩খন চলচ্চিত্ৰ

গোৱাত অনুষ্ঠিত হ’বলগীয়া ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ উত্তৰ-পূবৰ তিনিখনকৈ চলচ্চিত্ৰ নিৰ্বাচিত হৈছে। অহা ২০ৰ পৰা ২৮ নবেম্বৰলৈ গোৱাত ৫০সংখ্যক IFFI-২০১৯ অনুষ্ঠিত হ’ব।

ছবি তিনিখন হৈছে অসমৰ মঞ্জু বৰাই অৰুণাচলৰ পাংচেনপা ভাষাত নিৰ্মাণ কৰা ‘ইন দ্যা লেণ্ড অফ পইজন উইমেন’, মেঘালয়ৰ প্ৰদীপ কুব্ৰাহে খাছি ভাষাত নিৰ্মাণ কৰা ‘য়েউদুহ’ আৰু অসমৰ উৎপল দত্তৰ ‘বহুবৃত্ত’৷

ইয়াৰে মঞ্জু বৰা আৰু প্ৰদীপ কুব্ৰাহৰ ছবি দুখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবি হোৱাৰ বিপৰীতে উৎপল দত্তৰ ছবিখন অ-পূৰ্ণ দৈৰ্ঘ্যৰ ছবি শিতানত প্ৰদৰ্শিত হ’ব।

দেওবাৰে নতুন দিল্লীত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ভাৰতীয় পেনোৰামা শাখালৈ দুয়োটা শিতানৰ পৰা নিৰ্বাচিত হোৱা ক্ৰমে ২৬ আৰু ১৫ খন ছবিৰ নাম ঘোষণা কৰে৷

ইয়াৰে ২৬ খন পূৰ্ণ দৈৰ্ঘ্যৰ ছবিৰ ভিতৰত ২১ খন মূল ভাগত থকাৰ বিপৰীতে আন পাঁচখন ‘মূল সুঁতি’ ভাগৰ বাবে নিৰ্বাচিত হয়৷

আনহাতে স্বৰ্ণজয়ন্তীত পাৰ কৰিবলগীয়া এইবাৰৰ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৭৬ খন দেশৰ প্ৰায় ২৫০খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।