মধ্যপ্ৰদেশত ভয়াৱহ দুৰ্ঘটনাঃ ব্যক্তিগত বাহনত খুন্দা সশস্ত্ৰ বাহিনীৰ বাছৰ, তিনিজন নিহত

Bus hits police constable

মধ্যপ্ৰদেশৰ ছিওনী জিলাত আজি সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। বিশেষ সশস্ত্ৰ বাহিনীৰ জোৱান কঢ়িয়াই অনা এখন বাছ আৰু এখন ব্যক্তিগত বাহনৰ মুখামুখি খুন্দাত মৃত্যু হৈছে তিনিজন লোকৰ।

এই দুৰ্ঘটনাত লগতে ২৬ জন আহত হয়। গুৰুতৰভাৱে আহত  এজন জোৱানক চুবুৰীয়া ৰাজ্য মহাৰাষ্ট্ৰৰ নাগপুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

জিলা সদৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত থকা ছিওনী-মাণ্ডলা ৰাজ্যিক ঘাইপথৰ ধনগাড়া গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

স্থানীয় এগৰাকী উচ্চপ্ৰদস্থ আৰক্ষী বিষয়াই সদৰী কৰা মতে, মণ্ডলাৰ পৰা পাণ্ডুৰা অভিমুখে যাত্ৰা কৰিছিল ৰাজ্য আৰক্ষীৰ ৩৫ নং বেটেলিয়নৰ এছ এ এফৰ জোৱান কঢ়িয়াই অনা এখন বাছখন।

আনহাতে বাছখনে খুন্দা মৰা ব্যক্তিগত বাহনখনত চালকসহ পাঁচজন লোক আছিল। দুৰ্ঘটনাত বাহনখনৰ চালক পুৰুষোত্তম মাহোবিয়া (৩৭)ৰ লগতে কানহাইয়া যছৱানী (৭৫), নিক্লেশ যছৱানী (৪৫) নামৰ আন দুজন লোক নিহত হয়।

বাহনখনত থকা আন দুজন লোক দুৰ্ঘটনাটোত আহত হয়। দুয়োকে কেওলাৰী চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে এছ এ এফৰ ২৬ গৰাকী জোৱানকো উক্ত চিকিৎসালয়খনত ভৰ্তি কৰা হৈছে।

বাহনখনত যাত্ৰা কৰা লোকসকল নাগপুৰৰ পৰা চিকিৎসা সম্পৰ্কীয় কিছু কাম কৰি উভতি আহিছিল বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।