বিশ্বনাথ জিলাৰ পুনৰ ৩ অঞ্চলক কন্টেইনমেন্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ

ক'ৰ'নাক্ৰান্ত বিজয় শংকৰ দাসৰ সংস্পৰ্শলৈ আহি আক্ৰান্ত ২ জন লোক

COVID-19: SBI branch, two roads declared containment zone in Sivasagar town

প্ৰতীকী ছবি।

বিশ্বনাথৰ তিনি অঞ্চলত পুনৰ কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে।

ঘোষণা কৰা এই কন্টেইনমেন্ট জ’ন তিনিটা হৈছে নাগশংকৰৰ চমাৰদলনি, চতিয়াৰ বৰাচুক আৰু বিশ্বনাথৰ মৰল গাঁও।

জানিব পৰা মতে, জিলাখনৰ নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চমাৰদলনিৰ মনোজ বাচকোটা নামৰ এজন ব্যক্তি নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে মনোজ বাচকোটাৰ চমাৰদলনিৰ গৃহ অঞ্চলটোক আজি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ অঞ্চলটো ছীল কৰিছে।

একেদৰেে নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চতিয়াৰ বৰা চুক নিবাসী চিনু বৰা শইকীয়া নামৰ মহিলা গৰাকীও নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে চিনু বৰা শইকীয়াৰ গৃহ অঞ্চলটোকো আজি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ অঞ্চলটো ছীল কৰিছে।

কালি আবেলি ৭ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা প্ৰশাসনে এই এলেকা দুটা কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

আনহাতেদি বিশ্বনাথৰ মৰল গাঁও নিবাসী মুকুল বৰকটকী নামৰ ব্যক্তিজনো কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে মুকুল বৰকটকীৰ মৰল গাঁৱৰ গৃহ অঞ্চলটোক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে।

কালি আবেলি ৬ বজাৰ পৰা কাৰ্য্যকৰী হোৱাকৈ জিলা প্ৰশাসনে এই এলেকাটোক কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

উল্লেখ্য যে, কোভিড-১৯ত আক্ৰান্ত হোৱা মনোজ পৰাজুলি ধেমাজি বিশাল মেগামাৰ্টৰ কৰ্মচাৰী আছিল।

অন্যহাতেদি চিনু বৰা শইকীয়া আৰু মুকুল বৰকটকী নামৰ ব্যক্তি দুগৰাকী গুৱাহাটীত কৰ্মৰত কোভিড-১৯ত আক্ৰান্ত হোৱা বিশ্বনাথ চাৰিআলিৰ বাসিন্দা বিজয় শংকৰ দাসৰ পৰোক্ষভাৱে সংস্পৰ্শলৈ আহিছিল।

জিলাখনত কোভিড-১৯ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জিলা প্ৰশাসনে এই এলেকাসমূহ তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ এলেকাসমূহ ছীল কৰিছে৷

বিশ্বনাথ জিলা দণ্ডাধীশে অসম কোভিড-১৯ নিয়মাৱলী ২০২০ অনুসৰি জাৰি কৰা আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰাৰ লগতে কোনো লোকৰ আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে  নিষিদ্ধ কৰিছে।

এই সময়ছোৱাত এই নিয়ন্ত্ৰিত এলেকাত সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে অনান্য কোভিড-১৯ৰ নিয়ম সমূহ মানি চলাটো বাধ্যতামূলক৷

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব৷

এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম কোভিড-১৯ নিয়মাৱলী ২০২০, দুৰ্যোগ প্ৰশমন আইন ২০০৫,  মহামাৰী প্ৰতিৰোধ আইন ১৮৯৭’ৰ লগতে অনান্য আইনৰ অধীনত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।