ওদালগুৰিৰ মাজবাটৰ পৰা গ্ৰেপ্তাৰ এন ডি এফ বি (সং)ৰ তিনিজন লিংকমেন
এক গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি সোমবাৰে সন্ধিয়া ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত মেৰাবিল অঞ্চলৰ পৰা আৰক্ষীৰ এটা দলে গ্ৰেনেডসহ এন ডি এফ বি(সং)ৰ তিনিজন লিংকমেনক আটক কৰে।
মাজবাট আৰক্ষী আৰু মাজবাটস্থিত সেনাৰ ১৪ নং গাৰোৱাল ৰেজিমেণ্টে মেৰাবিল গাঁৱৰ নন্দেশ্বৰ ৰাভা নামৰ এজন লোকৰ ঘৰত অভিযান চলাই গেৰেমছা বসুমতাৰী (৪০) নামৰ এটা লিংকমেনক আটক কৰাৰ লগতে বাৰীৰ পিছফালে পুতি থোৱা অৱস্থাৰ পৰা দুটা গ্ৰেণেড উদ্ধাৰ কৰে। এটা গ্ৰেণেড ভাৰতত আৰু এটা চীনত নিৰ্মিত।
ইফালে আৰক্ষীয়ে গেৰেমছা বসুমতাৰীৰ ভাষ্য অনুসৰি ডেকাৰগাঁও-ৰঙিয়া অভিমুখী ট্ৰেইনৰ পৰা মাজবাট ষ্টেশ্যনত আন দুজন লিংকমেনক আটক কৰে। লিংকমেন দুজন ক্ৰমে দেউলাং বসুমতাৰী(২৮) আৰু বৰমদাউ নাৰ্জাৰী (২০) বুলি জানিব পৰা যায়।
শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ ১ নং মাইদাংশ্ৰী গাঁৱৰ যুৱক দেউলাং বসুমতাৰীৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে নগদ ৫৯,৭৭৫ টকা, এখন এ টি এম কাৰ্ড, ভোটাৰ কাৰ্ড আৰু দুটা মোবাইল ফোন উদ্ধাৰ কৰে।
উল্লেখ্য যে আৰক্ষীয়ে তিনিওজন লিংকমেনৰ বিৰুদ্ধে মাজবাট আৰক্ষী থানাত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে আৰু তিনিওজনকে জেৰা অব্যাহত ৰাখিছে।