NORTHEAST NOW (Assamese)

মাৰণাস্ত্ৰসহ কাজিৰঙাৰ গঁড় হত্যাত জড়িত ৩জন চোৰাংচিকাৰীক আটক

May 29, 2019 10:17 pm · উত্তম শইকীয়া

কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ এটা গঁড় হত্যা গোচৰৰ পম খেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অভিযানকাৰী দলে আজি জখলাবন্ধাৰ চিকনি বৰহোলা আৰু কামপুৰৰ পূব কাৱৈমাৰী গাঁৱৰ তিনিজন চোৰাংচিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন গোট আৰু আৰক্ষীৰ সহযোগত অভিযানকাৰী দলটোৱে জাগীৰোদৰ পৰা এই চোৰাংচিকাৰী তিনিজনক আটক কৰে ৷

ধৃত চোৰাং চিকাৰী কেইজনক চিকনি বৰহোলাৰ চহিদুৰ ইচলাম, জিয়াৰুল হক আৰু কামপুৰ পূব কাৱৈমাৰীৰ আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰিছে।

চোৰাংচিকাৰী কেইজনৰ পৰা এটা মডিফাইড বন্দুক আৰু চাৰিজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়। বন বিভাগৰ মতে ধৃত চিকাৰী কেইজন কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ গঁড় হত্যাৰ সৈতে জড়িত। সম্প্ৰতি বন বিভাগৰ দলে ধৃত চোৰাংচিকাৰী তিনিজনক অধিক তথ্যৰ বাবে জেৰা চলাই আছে।

Related News