NORTHEAST NOW (Assamese)

লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ বেবেজীয়াত ৩ গৰাকীকৈ ছাত্ৰীৰ পানীত পৰি মৃত্যু

June 24, 2019 8:13 am · এন ই নাও নিউজ
Updated: June 24, 2019 8:28 am

লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ বেবেজীয়াত দেওবাৰে অৰ্থাৎ ২৩ জুনত সংঘটিত এক হৃদয়বিদাৰক ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। অঞ্চলটোৰ তিনিগৰাকীকৈ কণমানি ছাত্ৰীয়ে পানীত ডুবি মৃত্যুক আঁকোৱালি লয়।

নিহত ছাত্ৰী কেইগৰাকীক ক্ৰমে বেবেজীয়াৰ অয়েঙীয়া গাঁৱৰ তুলাৰাম টাইদ আৰু ৰেণুমাই টাইদৰ ষষ্ঠ শ্ৰেণীত পঢ়ি থকা কন্যা লুলুমনি টাইদ(১২), তৰনী টাৱ আৰু পদুমণি পাৱৰ চতুৰ্থ শ্ৰেণীত পঢ়ি থকা কন্যা সুনিতা টাৱ(১০) আৰু মাণিক পাৱ আৰু ঐলাৱতী পাৱৰ চতুৰ্থ শ্ৰেণীত পঢ়ি থকা কন্যা হেমামালিনী পাৱ(৯) বুলি চিনাক্ত কৰা হৈছে।

তিনিওগৰাকী ছাত্ৰী কালি ঘৰৰ সমীপৰ চামপৰা নদী পাৰ হৈ মাক-দেউতাকে কাম কৰি থকা ধাননি পথাৰলৈ যাওঁতেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

Related News