জম্মু-কাশ্মীৰৰ পুলৱামাত সেনাৰ অভিযানত নিহত ৩ সন্ত্ৰাসবাদী

Jammu and Kashmir

জম্মু-কাশ্মীৰত অব্যাহত আছে সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযান। আজি পুলৱামাত সেনাৰ এটা অভিযানত সুৰক্ষা বাহিনীয়ে তিনি সন্ত্ৰাসবাদীক হত্যা কৰে।

যোৱা পাঁচ দিনৰ ভিতৰত এইয়া সেনাৰ পঞ্চমটো সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু এই অভিযান কেইটাত মুঠ আঠজন সন্ত্ৰাসবাদী নিহত হৈছে।

আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ এটা যুটীয়া দলে বুধবাৰে ৰাতিপুৱা পুলৱামাৰ চান্দগামত অভিযানটো আৰম্ভ কৰিছিল। গুলীবৰ্ষণত নিহত হোৱা তিনিজন সন্ত্ৰাসবাদীক পাকিস্তানৰ জৈশ-ই-মহম্মদৰ (জেইএম) সদস্য বুলি সন্দেহ কৰা হৈছে।

অভিযানৰ পিছত আৰক্ষীয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত দুটা এম-৪ এছল্ট ৰাইফলকে ধৰি বৃহৎ পৰিমাণৰ গোলাবাৰুদৰ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে।

এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে জম্মু-কাশ্মীৰত সংঘৰ্ষৰ পিছত সন্ত্ৰাসবাদীৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্মিত ৰাইফল উদ্ধাৰ কৰা হৈছে।

“সন্ত্ৰাসবাদী সংগঠন জেইএমৰ তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে, ইয়াৰৰ ভিতৰত এজন পাকিস্তানী নাগৰিকো আছে। দুটা এম4 কাৰ্বাইন আৰু এটা একে চিৰিজ ৰাইফলসহ আপত্তিজনক সামগ্ৰী, অস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। আমাৰ বাবে এক ডাঙৰ সফলতা।” কাশ্মীৰৰ আইজিপি বিজয় কুমাৰে কয়।