NORTHEAST NOW (Assamese)

চকলেটৰ প্ৰলোভন দেখুৱাই ৩ বছৰীয়া কিশোৰীক ধৰ্ষণ! অভিযুক্ত ১৩ বছৰীয়া নাবালক

April 17, 2025 12:24 pm · এন ই নাও নিউজ, গুৱাহাটী

ছত্তীশগড়ত এগৰাকী ১৩ বছৰীয়া নাবালকৰ বিৰুদ্ধে তিনি বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ধৰ্ষণৰ ফলত সংকটজনক অৱস্থাত থকা শিশুটি বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে নাবালকজনৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ ৰায়পুৰত। যোৱা সোমবাৰে মাকৰ কাষত শুই আছিল শিশুটি। অভিযোগ অনুসৰি, সেই সময়ত এজন নাবালক লৰাই তাইক চকলেট আগবঢ়াই খালী ঠাইলৈ যাবলৈ প্ৰলোভন দিছিল। আৰু তাৰ পাছতে কিশোৰীগৰাকীক ধৰ্ষণ কৰা হৈছিল। ছোৱালীজনীৰ অভিভাৱকে কয় যে যেতিয়া তেওঁলোকে নিজৰ ছোৱালীজনীক বিচাৰি নাপালে তেতিয়া তেওঁলোকে ৰাস্তালৈ ওলাই আহি ৰাস্তাৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ কৰএ। কান্দি কান্দি ভুক্তভোগীয়ে কোনোমতে লৰাটোৰ নামটো কবলৈ সক্ষম হয়। ইয়াৰ পাছতে নাবালকজনৰ বিৰুদ্ধে স্থানীয় থানাত এজাহাৰ দাখিল কৰে ছোৱালীজনীৰ পৰিয়ালে।

আৰক্ষীয়ে নাবালকজনক আটক কৰি জেৰা আৰম্ভ কৰে। পিছত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৬৪ (ধৰ্ষণ) আৰু ৬৫(২) (১২ বছৰৰ তলৰ ব্যক্তিক ধৰ্ষণ) ধাৰাত গোচৰ ৰুজু কৰা হয়। জানিব পৰা মতে, POCSO আইনৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে। উল্লেখযোগ্য যে এসপ্তাহ পূৰ্বে ছত্তীশগড়ৰ দুৰ্গ জিলাত ছয় বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। একেধৰণৰ ধাৰাবাহিক ঘটনাৰ জৰিয়তে বিৰোধীসকলে ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

Related News