ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

উত্তৰ-পশ্চিম পাকিস্তানৰ পেছোৱাৰ পৰা এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ আহিছে। মঙলবাৰে এখন যাত্ৰীবাহী বাছ আৰু এখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

মুখামুখি সংঘৰ্ষৰ ফলত বাছখন এটা খাৱৈত সৰি পৰে আৰু বাছখনত থকা ৩০ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ গৰাকী যাত্ৰীৰ আহত হৈছে। স্মৰ্তব্য যে এটা সপ্তাহৰ ভিতৰতে পাকিস্তানত এইটো  দ্বিতীয়টো ভয়ংকৰ বাছ দুৰ্ঘটনা।

সংবাদ সংস্থা পিটিআইৰ মতে, গিলগিট বাল্টিস্তান ডায়ামিৰ অঞ্চলৰ শতিয়াল চ’কৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। স্থানীয় আৰক্ষীৰ তথ্য অনুসৰি গিলগিটৰ পৰা ৰাৱালপিণ্ডিলৈ গৈ আছিল বাছখন। হঠাতে শতিয়াল অঞ্চলত বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনৰ সৈতে যাত্ৰীভৰ্তি বাছখনৰ মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থনলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত উদ্ধাৰকাৰী দলে দুৰ্ঘটনাত পতিত আহত লোক আৰু মৃতদেহসমূহ উদ্ধাৰ কৰি আৰ এইচ চি হাস্পতাললৈ প্ৰেৰণ কৰে।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, আন্ধাৰৰ বাবে উদ্ধাৰকাৰীসকলে সাহায্য আৰু উদ্ধাৰ কাৰ্যত অসুবিধাৰ সন্মুখীন হয়।

ভয়ংকৰ দুৰ্ঘটনাটোত ৩০ গৰাকীকৈ যাত্ৰী মৃত্যু হোৱাৰ পাছতে সমগ্ৰ পাকিস্তানতে শোকৰ ছাঁ পৰিছে। পাকিস্তানৰ চৰকাৰী ৰেডিঅ’ৰ তথ্য অনুসৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নিহতসকলৰ পৰিয়ালৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰে। আহতসকলৰ সঠিক চিকিৎসা সুনিশ্চিত কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিছে। ৰাষ্ট্ৰপতি আৰিফ আলভিয়েও এই দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে।

ইফালে, যোৱা শুকুৰবাৰেও উত্তৰ-পশ্চিম পাকিস্তানৰ কোহাট জিলাৰ এটা সুৰংগৰ সমীপত এখন বাছ আৰু তীব্ৰবেগী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত ১৭ জন লোকৰ মৃত্যু হৈছিল। আনহাতে, যোৱা ২৯ জানুৱাৰীত দক্ষিণ পাকিস্তানত আন এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এখন তীব্ৰবেগী যাত্ৰীবাহী বাছে খুঁটাত খুন্দা মাৰি দলঙৰ পৰা বাগৰি তললৈ পৰাৰ ফলতে ৪০ গৰাকী যাত্ৰীৰ মৃত্যু হৈছিল।

পাকিস্তানৰ পথৰ আন্তঃগাঁথনি অত্যন্ত বেয়া আৰু যান-বাহন আইন অৱজ্ঞা কৰাৰ ফলতে পাকিস্তানত সঘনাই ভয়ংকৰ দুৰ্ঘটনাবোৰ সংঘটিত হোৱা বুলি প্ৰকাশ পাইছে।