টকা-পইচা নাই যদি বিধায়কে হাতে লিখি খতিয়ান জমা দিয়ক : ৰিপ’ৰ্ট কাৰ্ড সন্দৰ্ভত ৰঞ্জিত দাস

Ranjit

ৰঞ্জিত দাস: ফাইল ফটো।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দলটোৰ বিধায়কসকলক এবছৰীয়া কামৰ খতিয়ানৰ ৰঙীন পুস্তিকা ছপা কৰি দলৰ সভাপতিক জমা দিয়াৰ লগতে ৰাইজৰ মাজত বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়াক লৈ বিধায়কসকলৰ মাজত সৃষ্টি হৈছে অসন্তুষ্টিৰ। মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ আৰু থাওৰাৰ বিধায়ক কুশল দুৱৰীয়ে ইয়াৰ বিৰোধিতা কৰি মন্তব্য প্ৰকাশ কৰাও দেখা গৈছিল। ইয়াৰ পাছতে দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দেওবাৰে সাংবাদিকৰ আগত এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

“যিসকল বিধায়কৰ হাতত টকা-পইচা নাই তেওঁলোকে এছৰৰ খতিয়ান কলমেৰে হাতে লিখি দলক জমা দিয়ক। দলে সেইখন ফটোকপি কৰি বুথৰ সভাপতিক দিয়াৰ ব্যৱস্থা কৰিম। সভাপতিক দিলে বুথটোৱে লাভ কৰিব।” সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়।

তেওঁ লগতে ৰঙীন পুস্তিকা দিব লাগিব বুলি বিধায়কসকলক নিৰ্দেশ দিয়াৰ কথা অস্বীকাৰ কৰে।

ইয়াৰ উপৰি তেওঁ এনেদৰে পুস্তিকা প্ৰকাশ কৰাৰ বাবে বহুত টকা নালাগে বুলি মন্তব্য কৰি তেওঁ নিজৰ সমষ্টিৰ বাবে দুহেজাৰ টকাতে ৭ বছৰ ধৰি পুস্তিকা ছপাই থকা বুলি জানিবলৈ দিয়ে।

তেওঁ পুস্তিকা ছপা কৰিবলৈ দলে পুঁজিৰ যোগান নধৰে বুলি জানিবলৈ দি কয়, “আমি বিধায়কসকলে দা-দৰমহা পাওঁ, গতিকে নিজৰ খৰচতে এই আমি পুস্তিকাসমূহ বনাব লাগিব।”

আনহাতে, কাম সম্পূৰ্ণ নোহোৱাকৈ কামৰ খতিয়ান কেনেকৈ দিম বুলি কেইবাজনো বিধায়কে কৰা মন্তব্য সম্পৰ্কত দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, “কাম সম্পূৰ্ণ কৰাটো বিধায়কৰ দায়িত্ব নহয়। কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব বিভাগৰ বিষয়াসকলৰ আৰু জিলা প্ৰশাসনৰ।” তেওঁ কয় যে বিধায়কজনে ক’ত কিমান পুঁজি আৱণ্টন দিছে পুস্তিকাত সেইটো প্ৰকাশ কৰিব লাগে। কাম সম্পূৰ্ণ হ’ব লাগিব বুলি কোনো কথা নাই বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ উপৰি তেওঁ কয়, “বিধায়কে প্ৰকৃততে কাম নকৰে, বিধায়ক হৈছে ‘signatory authority’। জনসাধাৰণে আমাক স্বাক্ষৰ কৰাৰ অধিকাৰ দিয়ে, বিধায়কে কাম কৰা কথাটো মানুহৰ ভ্ৰান্ত ধাৰণা। কাম কৰিব বিভাগেহে।”

তেওঁ এই প্ৰসংগতে কংগ্ৰেছক সমালোচনা কৰি কয়, “কংগ্ৰেছৰ দিনত বিধায়কে পুঁজিও আবণ্টন দিছিল, ঠিকাও কৰিছিল, কামো কৰিছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ দিনত কামৰ transparency আছে।”

ইপিনে, কাম কৰিবলৈ বিধায়কে পুঁজি পোৱা নাই বুলি কোৱা কথাষাৰ তেওঁ অবাস্তৱ বুলি মন্তব্য কৰে। তেওঁ কয়, “প্ৰতি বছৰে বিধায়কে কাম কৰিবলৈ এক কোটি টকাৰ পুঁজি পায়। সিদ্ধাৰ্থ ভট্টাচাৰ্য, সুৰেন ফুকনে যি খতিয়ান ছপাই উলিয়াইছে তাত এক কোটি টকাৰ কামৰ হিচাপ লিখা আছে।” তেওঁ কোনো বিধায়কে ‘কাম কৰিবলৈ পুঁজি পোৱা নাই’ বুলি কোৱা নাই বুলি দাবী কৰে।