৩০২ গৰাকী নতুন আক্ৰান্তৰে ৰাজ্যত ৭৪৯২গৰাকী লৈ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা।
সোমবাৰৰ দিনটোত একেলগে ৩০২ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে । ইয়াৰে ২৪ ঘণ্টাৰ ভিতৰত কেৱল গুৱাহাটীতে ১৭২ গৰাকী লোক আক্ৰান্ত হৈছে।
এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটীক বাদ দি কোন কোন ঠাইৰ কিমানগৰাকী আক্ৰান্ত হৈছে সেয়া উল্লেখ কৰা নাই স্বাস্থ্য মন্ত্ৰীয়ে।
অসমত ৫৩৩৩ গৰাকী ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৪৪৭ গৰাকী।
অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ১১ গৰাকী লোকৰ মৃত্যু ঘটিছে।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।
📌Alert ~ 302 new #COVID19+ cases detected in Assam today. Out of these, 172 cases were reported from Guwahati City in last 24 hours.
↗️Total cases 7794
↗️Recovered 5333
↗️Active cases 2447
↗️Deaths 1111:45 PM/ June 29/ Day's total 302#AssamCovidCount pic.twitter.com/QiZPKZuoFa
— Himanta Biswa Sarma (@himantabiswa) June 29, 2020
তাৎপৰ্যপূৰ্ণভাবে গুৱাহাটীত যোৱা ১৫ জুনৰ পৰা এতিয়ালৈকে মুঠ ১২২৭ গৰাকী লোক আক্ৰান্ত হৈছে।
দেওবাৰৰ দিনটোত ৩৪৭ গৰাকীৰ দেহত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ হৈছিল। ইয়াৰে ১৯৫ গৰাকী গুৱাহাটীৰ আছিল।
উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।
ইয়াৰোপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।
লগতে সমগ্ৰ ৰাজ্যত সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।