• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জন দৈমাৰীসহ ১০জনক যাৱজ্জীৱন কাৰাদণ্ড চিবিআইৰ আদালতৰ; ৩০ অক্টোবৰৰ বিস্ফোৰণৰ ৰায়ত ভুক্তভোগীৰ মৰ্মবেদনাৰ প্ৰতিফলন

সময় লাগিল ১০ বছৰ; দোষী সাব্যস্ত ১৪জন, ৰঞ্জন দৈমাৰীসহ ১০জনক যাৱজ্জীৱন কাৰাদণ্ড; ৪জনক ৫বছৰকৈ জেইল-জৰিমনা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 30, 2019 12:31 pm
RanjanDaimaryBlast
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ বলিসকলৰ প্ৰতি সুবিচাৰ কৰি আজি চিবিআইৰ বিশেষ আদালতে গোচৰটোৰ ঐতিহাসিক ৰায় দিছে।

মূল অভিযুক্ত তথা এন ডি এফ বিৰ প্ৰধান নেতা ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতখনে।

দুদিন আগত দোষীসকলৰ নাম ঘোষণা কৰা চিবিআইৰ বিশেষ আদালতখনে ৰঞ্জন দৈমাৰীৰ উপৰি আন ৯জন অভিযুক্তৰো একেই শাস্তি ঘোষণা কৰে। তাৰোপৰি আন ৪জনক ৫বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকা জৰিমনা বিহে। ৫ বছৰ কাৰাদণ্ড পোৱা নীলিম দৈমাৰীয়ে ইতিপূৰ্বে কাৰাগাৰৰ ভিতৰত ৭টা বছৰ কটোৱা বাবে তেওঁৰ কাৰাবাসৰ পৰা মুক্তি পায়।

আদালতৰ তথ্য মতে, গোচৰটোত অভিযুক্ত ৩জনৰ ইতিপূৰ্বে মৃত্যু হৈছে আৰু ৪জন এতিয়াও পলাতক।

যাৱজ্জীৱন কাৰাদণ্ড পোৱাসকলৰ নাম ক্ৰমে,  (১) ৰঞ্জন দৈমাৰী, (২) জৰ্জ বড়ো, (৩) অজয় বসুমতাৰী, (৪) ৰাজেন্দ্ৰ গয়াৰী, (৫) আনচাই বড়ো, (৬) খৰ্গেশ্বৰ বসুমতাৰী, (৭) লখৰা বসুমতাৰী, (৮) ইন্দ্ৰ ব্ৰহ্ম, (৯) বৈশাগী বসুমতাৰী আৰু (১০) ৰাজু সৰকাৰ।

আনহাতে ৫বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকা জৰিমনাৰ শাস্তি পোৱা ৪জন ক্ৰমে,  (১) জয়ন্তী ব্ৰহ্ম, (২) মথুৰাম ব্ৰহ্ম, (৩) প্ৰভাত বড়ো আৰু (৪) নীলিম দৈমাৰী। ইয়াৰে নীলিম দৈমাৰীৰ নিৰ্ধাৰিত কাৰাবাসৰ ম্যাদ ইতিমধ্যে সম্পূৰ্ণ হৈছে বাবে তেওঁ খালাচ পায়।

উল্লেখযোগ্য যে এন ডি এফ বি সশস্ত্ৰ বিদ্ৰোহী গোটে সংঘটিত কৰা বিস্ফোৰণলানি ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত মুঠ ৮৮ জন লোক নিহত আৰু ৪৭০জন আহত হৈছিল। ইয়াৰ নৃশংসতাই সমগ্ৰ ৰাজ্যৰ অন্তৰাত্মা কঁপাই গৈছিল।

গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ আৰু ফাঁচিবজাৰৰ লগতে বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰত একে সময়তে কেইবাটাও শক্তিশালী বোমা বিস্ফোৰিত কৰা হৈছিল।

যোৱা ১০ বছৰ ধৰি চি বি আইৰ বিশেষ আদালতত গোচৰটো চলি থকাৰ পিছত ২৮ জানুৱাৰিত আদালতখনে অভিযুক্তসকলৰ ১৪জনক দোষী সাব্যস্ত কৰিছিল।

সংক্ষেপে কেইটামান গুৰুত্বপূৰ্ণ তথ্য-

  • মুঠ ৮৮ জন নিহত
  • ৪৭০জন আহত
  • সাক্ষ্য লোৱা হ’ল মুঠ ৬৫০জনৰ
  • বিচাৰ প্ৰক্ৰিয়াত সময় লাগিল প্ৰায় ১০ বছৰ
  • দোষী সাব্যস্ত ১৪জন
  • অভিযুক্ত এজনক দোষমুক্ত ঘোষণা
  • ৰঞ্জন দৈমাৰীসহ ১০জনক যাৱজ্জীৱন কাৰাদণ্ড
  • ৩জনক ৫বছৰকৈ কাৰাদণ্ড আৰু ৩ হাজাৰকৈ টকা জৰিমনা।

অসমৰ ৰাইজৰ লগতে ভুক্তভোগীসকলে উৎকণ্ঠাৰে অপেক্ষা কৰি থকা ৰায়টো অৱশেষত আজি ঘোষণা কৰে বিশেষ আদালতখনে। গোচৰটোত এন ডি এফ বিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীকে ধৰি মুঠ ২২জনক অভিযুক্ত কৰা হৈছিল। দীঘলীয়া শুনানি প্ৰক্ৰিয়াত মুঠ ৬৫০জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হয়।

আজিৰ ৰায়টোৰ পিছত কেন্দ্ৰৰ সৈতে শান্তি আলোচনা প্ৰক্ৰিয়া চলাই থকা বড়ো সশস্ত্ৰ সংগঠনটোৰ প্ৰতিক্ৰিয়া কি হ’ব সেয়া লক্ষণীয় হ’ব। ৰায় প্ৰদানৰ প্ৰাকমুহূৰ্তত সংগঠনটোৱে সংবাদ মাধ্যমক জানিবলৈ দিছিল যে ৰঞ্জন দৈমাৰীকে ধৰি সংগঠনটোৰ নেতা-সদস্যক বিস্ফোৰণটোত দোষী সাব্যস্ত কৰাটো হ’ব কেন্দ্ৰৰ সৈতে চলি থকা শান্তি প্ৰক্ৰিয়াৰ প্ৰতি এটা অশুভ সংকেত।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd