৩১ আগষ্ট অসমৰ ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ দিন

চূড়ান্ত এন আৰ চিৰ প্ৰাক মুহূৰ্তত সমগ্ৰ বিষয়টো সন্দৰ্ভত নিজৰ অৱস্থান প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ।

AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

চূড়ান্ত এন আৰ চি প্ৰকাশৰ প্ৰাক মুহূৰ্তত শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ বিষয়টো সন্দৰ্ভত নিজৰ অৱস্থান সদৰী কৰিছে।

মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে অসমৰ এন আৰ চিৰ ভিত্তি অসম চুক্তিৰ স্বাক্ষৰকাৰী সংগঠনটোৰ স্থিতি প্ৰকাশ কৰিছে।

কাইলৈৰ দিনটো অসমৰ ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ দিনৰূপে অভিহিত কৰি ভট্টাচাৰ্য্যই এন আৰ চিলৈ আশাৰে বাট চোৱা বুলি মন্তব্য কৰে।

“আমি চিন্তাত আছো– বিদেশীমুক্ত এন আৰ চি হ’ব নে নাই? কিন্তু আমি আশাত আছো– উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এই কাম আগবাঢ়ি আছে,” ভট্টাচাৰ্য্যৰ মন্তব্য।

অসমৰ বিদেশী সমস্যাৰ সমাধান অসম চুক্তি বুলি উল্লেখ কৰি ভট্টাচাৰ্য্যই কয় যে যোৱা ৩৪ বছৰে দিল্লী-দিছপুৰত সকলো ৰাজনৈতিক দলৰ চৰকাৰেই ইয়াৰ সমাধান নকৰিলে।

এন আৰ চিত আশা প্ৰকাশ কৰি তেওঁ কয় এতিয়া অন্ততঃ অসম চুক্তিৰ এটা বিষয় আগবাঢ়িছে।

আনহাতে, তেওঁৰ মতে, এন আৰ চিত দুটা চক্ৰই বিধি-পথালি দিয়াৰ বাবে কাম কৰি আছে।

“অসমৰ কেতবোৰ ৰাজনৈতিক দল, সাম্প্ৰদায়িক শক্তি আৰু কেতবোৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰই কাম কৰি আছে,” তেওঁ কয়।

ভট্টাচাৰ্য্যই কয় যে অবৈধ হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশীৰ ভোট বেংক সুৰক্ষিত কৰাৰ কাৰণে এই চক্ৰসমূহে এন আৰ চিক লৈ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে।

আনহাতে “মানৱ অধিকাৰৰ নামত বা অজুহাতত” কাম কৰি থকা এটা চক্ৰয়ো অসমত অবৈধ বাংলাদেশীক ৰক্ষণাৱেক্ষণ দিবলৈ এন আৰ চিক লৈ বিভ্ৰান্তি সৃষ্টিৰ ষড়যন্ত্ৰ কৰিছে, তেওঁ কয়।

তেওঁ লগতে কয় যে অবৈধ বাংলাদেশীয়ে এন আৰ চিত ঠাই পালে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ জগৰীয়া হ’ব।

ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে শাসক পক্ষ বিজেপি আৰু বিৰোধী কংগ্ৰেছে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা সন্দৰ্ভত মন্তব্য কৰিছে।

“চৰকাৰৰ আক্ৰমণৰ লক্ষ্য প্ৰতীক হাজেলা হোৱাৰ মূল কথাটো হৈছে তেওঁলোকৰ যি দুৰ্বলতা প্ৰকাশ পাইছে বা যি দায়িত্বসহকাৰে কাম কৰিব লাগিছিল– নকৰিলে। ইয়াৰ পৰা হাত সাৰিবলৈকে হাজেলাক এতিয়া আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে,” গগৈৰ মন্তব্য।

কংগ্ৰেছ-বিজেপি উভয়ে নিজৰ “হিন্দু আৰু মুছলমান” ভোটবেংক ৰক্ষাৰ বাবে উঠি পৰি লাগিছে বুলি তেওঁ মন্তব্য কৰিছে।

শাসক বিজেপিৰ ভগ্নী দল-সংগঠনে শেহতীয়াকৈ শুদ্ধ এন আৰ চিৰ বাবে দাবী জনোৱাৰ প্ৰসংগও তেওঁ উল্লেখ কৰে।

“বিজেপিৰ ভগ্নী দল-সংগঠনেও আপত্তি দৰ্শোৱা কোনো কাম-কাজ নকৰিলে,” গগৈৰ মন্তব্য।

অকল বিজেপিয়ে নহয়, কোনো ৰাজনৈতিক দলেই আপত্তি প্ৰপত্ৰ পূৰণৰ ক্ষেত্ৰত একো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি তেওঁ মন্তব্য কৰে।

শাসক পক্ষৰ একাংশ নেতাই ভাৰত-বাংলাদেশ সীমান্তত থকা জিলাসমূহত বিদেশী আছে বুলি কৈ থকাক লৈয়ো ছাত্ৰ সন্থাৰ নেতাজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

“কিন্তু তেওঁলোকে তথ্য সহকাৰে সীমান্ত আৰক্ষীৰ জৰিয়তে বিদেশীৰ নাম বিদেশী ন্যায়াধিকৰণলৈ নপঠালে। যোৱা বৰ্ষত কেৱল ৭৫ জন মানুহৰ নামহে বিদেশী ন্যায়াধিকৰণলৈ পঠালে,” তেওঁ কয়।

লগতে পঢ়ক– ৩১ আগষ্টত NRC-ৰ চূড়ান্ত তালিকাত কোনবোৰ মানুহৰ নাম চাব পৰা হ’ব, কেনেকৈ চাব পাৰিব?