NORTHEAST NOW (Assamese)

টকিঅ’ অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰিব মণিপুৰৰ ভাৰোত্তলক মীৰাবাঈ চানুৱে!

July 10, 2018 12:42 pm · এন ই নাও নিউজ
মীৰাবাঈ চানু

২০২০ চনত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকত ৪৮ কেজিৰ পৰিৱৰ্তে ৪৯ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে উত্তৰ- পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মণিপুৰৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে।

আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক ফেডাৰেশ্যনে শেহতীয়াভাৱে প্ৰতিযোগিতাখনত ৪৯ কেজিৰ নতুন শাখা এটা অন্তৰ্ভুক্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মণিপুৰৰ তাৰকা ভৰোত্তলক গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে যোৱা ৫ জুলাইত টাচকেণ্টত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ভৰোত্তলক ফেডাৰেশ্যনৰ এখন সভাত টকিঅ’ অলিম্পিকৰ বাবে পুৰুষ- মহিলাৰ শাখাত ৭টা নতুন ওজন শাখা অন্তৰ্ভুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

সেই অনুসৰি টকিঅ’ অলিম্পিকত অন্তৰ্ভুক্ত হোৱা মহিলাৰ ওজন শাখা কেইটা হৈছে ৪৯, ৫৫, ৫৯,৬৪, ৭৬, ৮৭ কেজি আৰু পুৰুষৰ বাবে ৬১, ৬৭, ৭৩, ৮১, ৮৭ কেজিৰ ওজন শাখা।

ৰাজ্যৰ আগশাৰীৰ তথা প্ৰতিষ্ঠিত বাতৰি কাকতত প্ৰকাশিত বাতৰি অনুসৰি এই নতুন ওজন শাখাৰ অন্তৰ্ভুক্তিৰ বাবে টকিঅ’ অলিম্পিকত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে মীৰাবাঈ চানুৱে।

Related News