NORTHEAST NOW (Assamese)

পোহৰৰ উৎসৱত জ্বলিল ৰাজধানী : দিল্লীৰ ৩২০ টা স্থানত অগ্নিকাণ্ড

November 1, 2024 9:30 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 1, 2024 8:05 pm

পোহৰৰ উৎসৱত জ্বলি উঠিল দেশৰ ৰাজধানীৰ বিভিন্ন প্ৰান্তৰ। দিল্লীৰ ৩২০ টা স্থানত দীপাৱলীৰ নিশা অগ্নিকাণ্ড সংঘটিত হয়

যোৱা ১০ বছৰত দিল্লীত এদিনতে কেতিয়াও ইমানবোৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ নজিৰ নাই। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি অভিলেখ সৃষ্টিকাৰী এই অগ্নিকাণ্ডত তিনিজন লোকৰ মৃত্যু হয়।

এই অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় ১২জন লোক।

দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক অতুল গাৰ্গে জানিবলৈ দিয়া মতে, ৩১ অক্টোবৰৰ নিশাৰ পৰা ১ নৱেম্বৰৰ পুৱালৈকে ৩২০টা ঠাইত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

বৃহস্পতিবাৰৰ নিশাৰ পৰা শুকুৰবাৰে পুৱালৈকে কেইঘণ্টামানৰ ভিতৰতে ১৫৮টা অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। এই সংখ্যা যোৱা বছৰৰ তুলনাত ৫৩ শতাংশ বেছি।

ৰাজধানীৰ বিভিন্ন স্থানত অগ্নিকাণ্ডৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হয় আন ১২জন। জানিব পৰা মতে, ফ্লেটআৱদ্ধ হৈ থকাৰ সময়তে অগ্নিকাণ্ডত কিছু পোহনীয়া জন্তুৰ মৃত্যু হয়। অৱশ্যে চলিত বৰ্ষৰ দীপাৱলী উপলক্ষে দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে অতিৰিক্ত বাহিনী মোতায়েন কৰে। তাৰ বাবেই জুইৰ সূত্ৰপাত হ’লেও বহু ঠাইত বিয়পিব পৰা নাছিল।

আশা কৰা মতে দীপাৱলীৰ পিছৰ পুৱাৰে পৰা দিল্লীৰ বায়ুৰ গুণাগুণ অৱনতি ঘটিছে। শুকুৰবাৰে পুৱা AQI ৩৫৯ ত উপনীত হয়

প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে দিল্লীত সচৰাচৰৰ দৰে চাউণ্ডিং, আতচবাজী বিক্ৰী, ষ্টকিং আৰু নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও এই নিষেধাজ্ঞা নামানিলে দিল্লীৰ একাংশ জনতাই।

Related News