• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যশস্বী অভিনেতা, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2024 8:24 am
বৰ্ষীয়ান যশস্বী অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান। ফাইল ফটোঃ সংগ্ৰহীত।

বৰ্ষীয়ান যশস্বী অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান। ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সাংস্কৃতিক জগতত শূন্যতাৰ সৃষ্টি কৰি বৰ্ষীয়ান যশস্বী অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান ঘটিছে। মহানগৰীৰ দিছপুৰ হাস্পাতালত শুকুৰবাৰে নিশা ৮:২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। বিগত দুদিন ধৰি ভট্টাচাৰ্য হাস্পাতালখনৰ আই চি ইউৰ ভেণ্টিলেচনত ভৰ্তি হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ।

জানিব পৰা মতে, শনিবাৰে পুৱা ভট্টাচাৰ্যৰ নশ্বৰ দেহ তেওঁৰ ৰিহাবাৰীৰ বাসগৃহলৈ নিয়া হ’ব। আত্মীয়-স্বজনৰ উপস্থিতিত বাসগৃহত আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পাছত তেওঁৰ নশ্বৰ দেহ অনুৰাগীসকলে অন্তিম দৰ্শন তথা শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে উজানবজাৰস্থিত সূৰ্যলৈ লৈ যোৱা হ’ব। তাতেই দুপৰীয়া ১২ বজালৈ সূৰ্যত ভট্টাচাৰ্যৰ নশ্বৰ দেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখোৱা হ’ব।

অবিবাহিত ভট্টাচাৰ্যই তেওঁৰ দেহ এবছৰ পূৰ্বেই ইলোৰা বিজ্ঞান মঞ্চক দান কৰি থৈছে। সেয়েহে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছতে ভট্টাচাৰ্যৰ নশ্বৰ দেহ ইলোৰা বিজ্ঞান মঞ্চই চমজি ল’ব।

Apply Now

মহানগৰীৰ পাণবজাৰৰ যশোৱন্ত ৰ’ড নিবাসী অধিবক্তা পিতৃ কালিপ্ৰসন্ন ভট্টাচাৰ্য আৰু মাতৃ কমলা দেৱীৰ তৃতীয় সন্তান কুলদা কুমাৰ ভট্টাচাৰ্যৰ ১৯৩৩ চনৰ ১৮ আগষ্টত জন্ম হয়। তেওঁ ১৯৪৬ চনত মেট্ৰিকুলেচন পৰীক্ষা আৰু কটন কলেজৰ পৰা বি এ ডিগ্ৰী সমাপ্ত কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত এম এ ডিগ্ৰী লাভ কৰে। তেওঁ লণ্ডন আৰু জাৰ্মানীত মঞ্চকলা, অভিনয় আৰু টেলিভিছন বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল।

১৯৬১ চনত ‘শকুন্তলা’ ছবিৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলোৱা অভিনেতাগৰাকীয়ে ‘লটিঘটি’, ‘চিকমিক বিজুলী’, ‘প্ৰভাতী পখীৰ গান’, ‘ৰামধেনু’, ’দিকচৌ বনত পলাশ’, ‘ভিলেজ ৰকষ্টাৰ্ছ’ আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছিল। দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও ‘তেজাল ঘোঁৰা’ নামৰ এখন জনপ্ৰিয় ধাৰাবাহিকো তেওঁ পৰিচালনা কৰিছিল। তদুপৰি, তেওঁ কেইবাখনো তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল।

কুলদা কুমাৰ ভট্টাচাৰ্য এগৰাকী প্ৰখ্যাত অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক আছিল। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত ৰেডিঅ’ নাট ‘পৰশুৰাম’ত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা লাভ কৰিছিল।

ভট্টাচাৰ্যই ১৯৬০ চনত অসম জাতীয় নাট্যশালা প্ৰতিষ্ঠা কৰিছিল। শেহতীয়াকৈ তেওঁ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ হিচাপে সন্মান লাভ কৰে। কুলদা কুমাৰ ভট্টাচাৰ্যই ‘হাতীবন্ধু’ ছবিখনৰ ধাৰাভাষ্যকাৰ হিচাপে এই সন্মান লাভ কৰে। কুলদা কুমাৰ ভট্টাচাৰ্যৰ ইংৰাজীৰ উপৰিও অসমীয়া, বঙালী আৰু হিন্দী আটাইকেইটা ভাষাতে দখল আছিল। তেওঁ এগৰাকী সফল আবৃত্তিকাৰো আছিল।

ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান (জ্যোতি চিত্ৰবন)-ৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল কুলদা কুমাৰ ভট্টাচাৰ্য। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰামাৰ বাবে তেওঁ দুবাৰকৈ জুৰীৰ সদস্য নিৰ্বাচিত হৈছিল। এগৰাকী সুলেখক হিচাপে কুলদা কুমাৰ ভট্টাচাৰ্যই বিভিন্ আগশাৰীৰ কাকত-আলোচনীত চলচ্চিত্ৰ, ক্ৰীড়া বিষয়ক বিভিন্ন প্ৰবন্ধপাতি লিখাৰ উপৰিও কেইবাখনো গ্ৰন্থ অসমীয়ালৈ অনুবাদো কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd