মেলবৰ্ণত ৩৪ বছৰীয়া ৰবিচন্দ্ৰন অশ্বিনে ভাঙিলে মুৰুলীধৰণৰ অভিলেখ

মেলবৰ্ণত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত চমকপ্ৰদ প্ৰদৰ্শনেৰে ভাৰতে অষ্ট্ৰেলিয়াক শোচনীয়ভাৱে পৰাস্ত কৰে।

ভাৰতৰ বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সহায়ত দুয়োটা ইনিংছতে অষ্ট্ৰেলিয়া দলৰ বেটছমেন সকলক কম ৰানত বান্ধিবলৈ সক্ষম হয়।

মেচখনত ভাৰতৰ প্ৰতিজন ক্ৰিকেটাৰেই ভাল প্ৰদৰ্শন কৰিছে যদিও ৩৪ বছৰীয়া স্পিনাৰ আৰ অশ্বিনে এই মেচখনত এক বিশেষ কৃতিত্বৰ অধিকাৰী হয়।

অশ্বিনে দুয়োটা ইনিংছ মিলি পাঁচটা উইকেট দখল কৰে। মেচখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অশ্বিনে দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ হছ হেজেলউডক আউট কৰি শ্ৰীলংকাৰ মহান বলাৰ মুথেয়া মুৰুলীধৰণৰ অভিলেখ ভংগ কৰে।

অশ্বিনে ১৯২ বাৰ বাওঁহতীয়া বেটছমেনক আউট কৰাৰ অভিলেখ গঢ়ে। মুৰুলীধৰণে ১৯১ বাৰ বাঁওহতীয়া বেটছমেনক আউট কৰাৰ অভিলেখ গঢ়ি থৈছিল।

উল্লেখ্য যে অশ্বিনে এই অভিলেখ ভংগ কৰিবলৈ ৭৩খন মেচৰ প্ৰয়োজন হয়। আনহাতে মুৰুলীয়ে ১৩৩খন মেচত এই অভিলেখ গঢ়িছিল।

আনহাতে এই তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে ইংলেণ্ডৰ জেমছ এণ্ডাৰছন আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ গ্লেন মেকগ্ৰাথ।

এণ্ডাৰছনে ১৮৬ বাৰ আৰু মেগ্ৰাথে ১৭২ বাৰ বাঁওহতীয়া বেটছমেনক আউট কৰিছে।

অশ্বিনে এই পৰ্যন্ত ৩৭৫টা উইকেট দখল কৰিছে।