• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খালিস্তানী সন্ত্ৰাসবাদী পান্নুনক হত্যাৰ নিৰ্দেশ দিছিল RAWৰ বিষয়াই; আমেৰিকাৰ কাকতৰ দাবীক লৈ ভাৰতৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2024 12:37 pm
খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুন। ফাইল ফটোঃ সংগ্ৰহীত।

খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুন। ফাইল ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিচাৰ্ছ এণ্ড এনালাইছিছ উইং RAW)ৰ বিষয়াৰ নাম বিক্ৰম যাদৱ। তেওঁ এটা `হিট টিম’ক আমেৰিকাৰ মাটিত খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনক হত্যা কৰিবলৈ নিৰ্দেশ দিছিল। আমেৰিকাৰ এখন দৈনিক কাকতৰ প্ৰতিবেদনত এইদৰে কোৱা হৈছে। প্ৰতিবেদন অনুসৰি বিক্ৰম যাদৱ চৰকাৰী সংস্থাৰ সৈতে জড়িত। নিউয়ৰ্কৰ ঠিকনাকে ধৰি পান্নুন সম্পৰ্কীয় এক বিতং তথ্যও সংশ্লিষ্ট দলটোলৈ প্ৰেৰণ কৰিছে।

ৱাশ্বিংটন পোষ্টৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকা আৰু ভাৰতৰ নিৰাপত্তা বিষয়াসকলে বিক্ৰম যাদৱৰ কথা অৱগত কৰিছে। অৱশ্যে বিক্ৰম যাদৱৰ নাম দিয়া সকলে তেওঁলোকৰ নিজৰ নাম জনোৱা নাই। প্ৰতিবেদন অনুসৰি হত্যাকাৰীক কোৱা হৈছিল যে পান্নুন আমেৰিকাৰ নাগৰিক। ঘৰত থকাৰ সময়তে হত্যাৰ পৰিকল্পনা কৰা হৈছিল।

পান্নুনৰ ওপৰত আমেৰিকাৰ দাবী সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে ভাৰতে। পান্নুনৰ বিৰুদ্ধে চলোৱা ষড়যন্ত্ৰ চৰকাৰী নীতিৰ বিৰুদ্ধে বুলিও দাবী কৰিছে ভাৰতে। ভাৰতে এই অভিযোগ তীব্ৰভাৱে অস্বীকাৰ কৰিছে। আমেৰিকাৰ কাকতখনৰ অভিযোগৰ ভিত্তিত কেন্দ্রীয় চৰকাৰে ২০২৩ চনৰ নৱেম্বৰ মাহত হত্যাৰ ষড়যন্ত্রৰ অভিযোগৰ তদন্তৰ বাবে এখন উচ্চ পর্যায়ৰ তদন্ত সমিতি গঠন কৰিছিল৷

Apply Now

লগতে পঢ়কঃ নাগালেণ্ডত “অপাৰেচন ক্লাউডবাৰ্ষ্ট”ত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰিলে নিৰাপত্তা বাহিনীয়ে

তদন্তৰ ফলাফল সন্দৰ্ভত এতিয়ালৈকে ভাৰতে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। ২০২৪ চনৰ এপ্ৰিল মাহত সংবাদ মাধ্যমৰ আগত বক্তৱ্য দি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে তদন্ত সন্দৰ্ভত নিৰ্দিষ্ট বক্তব্য দিয়াৰ পৰা বিৰত আছিল। তেওঁ কৈছিল যে আমি তদন্ত কৰি আছো কিয়নো আমি বিশ্বাস কৰোঁ যে সেই তদন্তত আমাৰ নিজৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থ জড়িত হৈ আছে।’

আমেৰিকাৰ বিষয়াসকলে দাবী কৰা মতে, ২০২৩ চনৰ ৩০ জুনত চেক গণৰাজ্যত ৫২ বছৰীয়া নিখিল গুপ্তাক গ্ৰেপ্তাৰ কৰা হৈছিল। আমেৰিকাৰ ন্যায় বিভাগে পান্নুনক হত্যাৰ চক্ৰান্তত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে। আমেৰিকাৰ বিষয়াসকলৰ মতে, গুপ্তাই হত্যাকাণ্ডৰ বাবে হত্যাকাৰীক এক লাখ ডলাৰ পৰ্যন্ত ধন দিবলৈ সন্মত হয়। ইয়াৰে ১৫০০০ টকা আগধন হিচাপে দিয়া হৈছিল।

ইপিনে, ভাৰতৰ এজন প্ৰাক্তন চোৰাংচোৱা বিষয়াই আমেৰিকাৰ মাটিত খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি ৱাশ্বিংটন পোষ্টত প্ৰকাশিত বাতৰি মঙলবাৰে ভাৰতে তীব্ৰভাৱে নাকচ কৰে।

লগতে পঢ়কঃ কোভিশ্বিল্ড ভেকচিন লোৱাসকলৰ হ’ব পাৰে এই বিৰল ছাইড এফেক্ট; স্বীকাৰ কৰিলে এষ্ট্ৰাজেনেকাই

ভাৰতে উল্লেখ কৰে যে অপৰাধমূলক আৰু সন্ত্ৰাসবাদী নেটৱৰ্ক সন্দৰ্ভত আমেৰিকাই উত্থাপন কৰা নিৰাপত্তাজনিত উদ্বেগসমূহৰ সমাধানৰ বাবে ভাৰত চৰকাৰে গঠন কৰা এখন উচ্চ পৰ্যায়ৰ সমিতিৰ তদন্ত চলি আছে।

ইয়াৰ ওপৰত জল্পনা-কল্পনা আৰু দায়িত্বহীন মন্তব্যই কোনো সহায়ক নহয় বুলিও লগতে কোৱা হৈছে।

উল্লেখ্য যে ২০২২ চনৰ নৱেম্বৰ মাহত ফাইনেন্সিয়েল টাইমছে আমেৰিকাই পান্নুনক হত্যাৰ চক্ৰান্ত বিফল কৰা বুলি প্ৰকাশ কৰাৰ লগতে ভাৰত জড়িত বুলি অভিযোগ উত্থাপন কৰি ভাৰতক সকীয়াই দিয়াৰ পিছতে বিতৰ্কৰ সূত্ৰপাত হৈছিল।

ইয়াৰ পিছত মানহাটনৰ আদালতত দাখিল কৰা অভিযোগনামাত ভাৰতীয় নাগৰিক নিখিল গুপ্তাক ষড়যন্ত্ৰকাৰী বুলি উল্লেখ কৰা হৈছে, যিয়ে এই চক্ৰান্তত “চিচি-১” বুলি কোৱা এজন নাম প্ৰকাশ নকৰা ভাৰতীয় বিষয়াৰ সৈতে সহযোগিতা কৰিছিল বুলি অভিযোগ কৰা হয়।

লগতে পঢ়কঃ পতঞ্জলিৰ ১৪টা সামগ্ৰীৰ অনুজ্ঞাপত্ৰ বাতিল; ৰামদেৱৰ বিৰুদ্ধে দাখিল অপৰাধমূলক গোচৰ

ৱাশ্বিংটন পোষ্টে এই “চিচি-১”ক বিক্ৰম যাদৱ বুলি চিনাক্ত কৰিছে।

ভাৰতে এই অভিযোগসমূহক “চৰকাৰী নীতিৰ বিৰুদ্ধ” বুলি অভিহিত কৰি ধাৰাবাহিকভাৱে ইয়াক অস্বীকাৰ কৰি আহিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd