NORTHEAST NOW (Assamese)

অসমত ৩৫৯০ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ২.৪১ শতাংশ

September 30, 2020 10:07 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

৩৫৯০গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ১,৪৮,৭৮০টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে।

যোৱা তিনিটা দিনত অসমত ধাৰাবাহিকভাৱে দিনে এক লাখ টেষ্ট সম্পন্ন হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ২.৪১ শতাংশ।

নতুনকৈ পজিটিভসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৮০,৮১১লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১৭গৰাকী ক’ভিড১৯ ৰোগীয়ে বুধবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৬৯৭লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত মঙলবাৰলৈকে ৬৮০গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৪৩,৯৯৯গৰাকী ব্যক্তিয়ে মঙলবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

Related News