NORTHEAST NOW (Assamese)

আজি অসমত ৩৫৯২ গৰাকী লোক কোভিড প’জিটিভ; মৃতকৰ সংখ্যা ৬৮০ গৰাকীলৈ বৃদ্ধি

September 29, 2020 10:28 pm · এন ই নাও নিউজ

অসমত ক’ৰ’না ভাইৰাছৰ অদমনীয় গতি অব্যাহত আছে।

আজিৰ দিনটোত ৰাজ্যত নতুনকৈ ৩৫৯২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

আজি কৰা ১ লাখ নমুনা পৰীক্ষাৰ ভিতৰত ৩৫৯২ গৰাকী ক’ৰ’না প’জিটিভ হয়।

ইয়াৰ ফলত ৰাজ্যত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৭৭২২১ গৰাকীলৈ বৃদ্ধি পায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এইকথা প্ৰকাশ কৰে।

আনহাতে, অসমত আজি পুনৰ ১৩ গৰাকী লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাই। ইয়াৰ ফলত ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা ৬৮০ গৰাকীলৈ বৃদ্ধি পায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোক সকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

অসমত বৰ্তমানলৈ মুঠ ১৪২২৯৭ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰিছে।

ৰাজ্যত বৰ্তমান ৩৪২৪১ গৰাকী সক্ৰিয় কোভিড ৰোগী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

 

Related News