NORTHEAST NOW (Assamese)

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত চোৰাং কাঠ সহ দুজন সৰবৰাহকাৰী আটক

August 24, 2018 12:57 pm · চাজিদ খান
ফটো : নৰ্থ-ইষ্ট নাও

অসামাজিক কাম-কাজ ৰোধ কৰাৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত এছ এছ বিৰ ৩৭নং বেটেলিয়নৰ দলে বিভিন্ন সময়ত অভিযান চলাই কৃতকাৰ্যতা লাভ কৰা পৰিলক্ষিত হৈছে। ঠিক সেইদৰে বৃহস্পতিবাৰেও বেটেলিয়নৰ দলটোৱে এক অভিযান চলাই ভাৰত-ভূটান সীমান্তৰ বৰমাখুলী ব্ৰীজৰ ওচৰৰ পৰা এখন চোৰাং কাঠ ভৰ্তী টাটা পিকআপ ভান জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে বাহনখনৰ পৰা অবৈধভাৱে কঢ়িওৱা বহুতো কাঠৰ কুণ্ডা জব্দ কৰাৰ লগতে কাঠ সৰবৰাহৰ লগত জড়িত দুজন ব্যক্তিকো আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন কাঠ সৰবৰাহকাৰী দুজন ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত হাগ্ৰামাৰী গাঁৱৰ সন্তোষ বসুমতাৰী(২৭) আৰু প্ৰদীপ দৈমাৰী(৪০) বুলি চিনাক্ত কৰা হৈছে।

ইফালে বেটেলিয়নৰ দলটোৱে পাছত জব্দ কৰা কাঠখিনিৰ লগতে কাঠ সৰবৰাহৰ লগত জড়িত লোক দুজনক নোনাইখুটি বনাঞ্চলিক কাৰ্যালয়ত গতাই দিয়ে।

উল্লেখযোগ্য যে এছ এছ বিৰ জোৱানে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত পহৰা দিয়াৰ লগতে বিভিন্ন সময়ত বিভিন্ন অসামাজিক গতি বিধিৰ ওপৰত নজৰ ৰাখি তাক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা কাৰ্য স্বাভাৱিকতে শলাগ ল’বলগীয়া।

Related News