NORTHEAST NOW (Assamese)

৩৭০ বাতিল বৈধ, জম্মু-কাশ্মীৰক দিব লাগিব ৰাজ্যৰ মৰ্যাদা : উচ্চতম ন্যায়ালয়

December 11, 2023 6:09 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 11, 2023 4:46 pm

সংবিধানৰ ৩৭০ অনুচ্ছেদক ​​লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায়। আজিৰ দিনটোতে উচ্চতম ন্যায়ালয়ে কয় যে জম্মু কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ। জম্মু-কাশ্মীৰৰ যুদ্ধ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ ব্যৱস্থা হিচাপে ৩৭০ অনুচ্ছেদ গ্ৰহণ কৰা হয়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে স্পষ্ট কৰি দিয়ে যে ৩৭০ অনুচ্ছেদ এক অস্থায়ী ব্যৱস্থা আৰু ইয়াক বাতিল কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ অধিকাৰৰ ভিতৰত পৰে।

ন্যায়াধীশ গাভাই আৰু ন্যায়াধীশ সূৰ্য কান্তে মুখ্য ন্যায়াধীশৰ এই ৰায়দানৰ সপক্ষে সন্মতি প্ৰকাশ কৰে। 

ন্যায়ালয়ৰ ৰায় অনুসৰি জম্মু-কাশ্মীৰক পুনৰ ৰাজ্যৰ ৰূপ দিয়া হ’ব আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপেই থাকিব লাডাখ।

কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে লাডাখৰ পুনৰ্গঠনক সমৰ্থন কৰা হৈছে। কাৰণ ৩ নং অনুচ্ছেদত ৰাষ্ট্ৰৰ এটা অংশক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাৰ অনুমতি দিয়া হৈছে।

লগতে ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰি অতি সোনকালে ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে।

পাঁচজনীয়া বিচাৰপীঠৰ এই সিদ্ধান্তত কোৱা হৈছে যে কেন্দ্ৰৰ ৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্ত বৈধ। ২০১৯ চনত ৰাষ্ট্ৰপতিৰ জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিলৰ নিৰ্দেশো বৈধ। ৰাষ্ট্ৰপতিৰ দৈনন্দিন কাম-কাজ কেতিয়াও ন্যায়িক পৰ্যালোচনাৰ বলি হ’ব নোৱাৰে।

Related News