আফগানিস্তানৰ হেলমাণ্ড প্ৰদেশৰ কাৰাগাৰত আক্ৰমণৰ চেষ্টা ব্যৰ্থ, ৩৮ জন তালিবানক হত্যা

tallii

মাৰ্কিন সেনা অপসাৰণৰ পিছতে ক্ৰমাৎ বিধ্বংসী ৰূপ ধাৰণ কৰা তালিবান সন্ত্ৰাসবাদীয়ে আজি আফগানিস্তানৰ হেলমাণ্ড প্ৰদেশৰ কাৰাগাৰত আক্ৰমণৰ চেষ্টো চলায়।

কিন্তু আফগান সেনাৰ প্ৰত্যাক্ৰমণত তালিবানৰ সেই চেষ্টা ব্যৰ্থ হয়।আফগানিস্তানৰ টলো নিউজে প্ৰকাশ কৰা বাতৰি অনুসৰি আজি দুপৰীয়াৰ ভাগত তালিবান সন্ত্ৰাসবাদীয়ে হেলমাণ্ড প্ৰদেশৰ লস্কৰগাহত থকা কাৰাগাৰত আক্ৰমণ চলায়।

আফগান সেনাৰ সৈতে তালিবান সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ লাগে আৰু সেই সংঘৰ্ষত ৩৮ জন তালিবান সন্ত্ৰাসবাদী নিহত হয়।

উল্লেখ্য তালিবানে ইতিমধ্যে আফগানিস্তানৰ কেইবাখনো প্ৰদেশ দখল কৰি লৈছে। হেলমাণ্ড প্ৰদেশ খন দখল কৰাৰ বাবে তালিবানে চেষ্টা অব্যাহত ৰাখিছে।

তালিবানে দাবী কৰা অনুসৰি আফগানিস্তানৰ ৮০ শতাংশ অঞ্চলত এতিয়া তালিবানে দখল কৰি লৈছে।

আফগানিস্তানৰ তিনিখন প্ৰধান চহৰ হেৰাত, লস্কৰ গাহ আৰু কান্দাৰ তালিবানে ঘেৰি ৰাখিছে। চহৰ তিনিখন দখল কৰাৰ বাবে আফগান সেনাৰ সৈতে তুমুল সংঘৰ্ষত লিপ্ত হৈছে তালিবান বাহিনী।

আনহাতে, দুই পক্ষৰ সংঘৰ্ষৰ মাজত চহৰকেইখনৰ পৰা প্ৰাণ লৈ পলাইছে সাধাৰণ নাগৰিক।

বাতৰি অনুসৰি, লস্কৰ গাহ চহৰৰ অধিকাংশ অঞ্চল তালিবানৰ নিয়ন্ত্ৰণৰ অধীনত গুচি গৈছে।

মানৱ অধিকাৰ সংস্থাসমূহে দাবী কৰিছে যে দুয়োপক্ষৰ মাজত চলা এই তুমুল যুঁজত চহৰ তিনিখনত তীব্ৰ মানৱীয় সংকটে দেখা দিছে।

ইপিনে, লস্কৰ গাহ চহৰৰ এখন বেচৰকাৰী হাস্পাতালত আফগান বাহিনীয়ে বিমানেৰে আক্ৰমণ চলোৱাৰ ফলত এজন নিহত আৰু তিনিজন আহত হোৱা বুলি কোৱা হৈছে।

এই আক্ৰমণৰ কথা স্বীকাৰ কৰি আফগানিস্তানৰ সামৰিক বাহিনীয়ে জানিবলৈ দিয়ে যে হাস্পাতলখনত তালিবানৰ আহত সদস্যসকলক চিকিৎসা প্ৰদান কৰি থকা হৈছিল। কিন্তু হাস্পাতাল কৰ্তৃপক্ষই এই কথা অস্বীকাৰ কৰে।