প্ৰকল্প ৰূপায়ণত হোৱা বিলম্বৰ বাবেই চৰকাৰে ভৰিবলগীয়া হৈছে অতিৰিক্ত ৪.৫৮ লাখ কোটি টকা

money-2

আমাৰ দেশত চৰকাৰী প্ৰকল্পৰ ৰূপায়ণত শামুকীয়া গতি হোৱা বাবেই অধিক অৰ্থনৈতিক বোজা মূৰ পাতি ল’বলগীয়া হৈছে জনতাই। চৰকাৰী প্ৰকল্পৰ ৰূপায়ণত পলম হোৱা বাবে প্ৰকল্পৰ ব্যয় বৃদ্ধি পাই গৈ আছে। দেশৰ ১৫০ কোটি টকা বা ততোধিক ব্যয়ৰ ৩৮০ টা আন্তঃগাঁথনি প্ৰকল্পৰ ব্যয় আনুমানিক ব্যয়তকৈ ৪.৫৮ লাখ কোটি টকাতকৈও অধিক বৃদ্ধি পাইছে।

শেহতীয়া এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে বিলম্ব আৰু অন্যান্য কাৰণত এই প্ৰকল্পসমূহৰ ব্যয় বৃদ্ধি পাইছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে ১৫০ কোটি টকা বা ততোধিক ব্যয়ৰ আন্তঃগাঁথনি প্ৰকল্প নিৰীক্ষণ কৰে। মন্ত্ৰালয়ৰ অক্টোবৰ, ২০২২ ৰ প্ৰতিবেদনত কোৱা হৈছে যে এনে ১,৫২১ টা প্ৰকল্পৰ ভিতৰত ৩৮০ টা প্ৰকল্পৰ ব্যয় বৃদ্ধি পাইছে, আনহাতে ৬৪২ টা প্ৰকল্পৰ ৰূপায়ণত পলম হৈছে। প্ৰতিবেদন অনুসৰি, ” এই ১,৫২১ টা প্ৰকল্পৰ ৰূপায়ণৰ মূল ব্যয় আছিল ২১,১৮,৫৯৭.২৬ কোটি টকা, কিন্তু এতিয়া ই ২৫,৭৬,৭৯৭.৬২ কোটি টকালৈ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে।” প্ৰতিবেদনৰ তথ্যৰ পৰা স্পষ্ট হৈ পৰিছে যে এই প্ৰকল্পসমূহৰ ব্যয় ২১.৬৩ শতাংশ অৰ্থাৎ ৪,৫৮,২০০.৩৬ কোটি টকা বৃদ্ধি পাইছে।

প্ৰতিবেদন অনুসৰি, অক্টোবৰ, 2022 লৈকে এই প্ৰকল্পবোৰত ১৩,৯০,০৬৫.৭৫ কোটি টকা ব্যয় কৰা হৈছে, যি হৈছে মুঠ আনুমানিক ব্যয়ৰ ৫৩.৯৫ শতাংশ। অৱশ্যে মন্ত্ৰালয়ে লগতে এই কথাও কৈছে যে প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ শেহতীয়া সময়সীমা পুনৰ বিবেচনা কৰা হ’লে বিলম্বিত প্ৰকল্পৰ সংখ্যা ৫১৩ লৈ হ্ৰাস পাব। অৱশ্যে এই প্ৰতিবেদনত ৬২০ টা প্ৰকল্প আৰম্ভ কৰাৰ সময়ৰ কথা উল্লেখ কৰা হোৱা নাই।

প্ৰতিবেদন আনুসৰি ৬৪২ টা বিলম্বিত প্ৰকল্পৰ ভিতৰত ১৩৬ টা প্ৰকল্প এক মাহৰ পৰা ১২ মাহলৈ, ১২০টা প্ৰকল্প ১৩ ৰ পৰা ২৪ মাহলৈ, ২৬০ টা প্ৰকল্প ২৫ৰ পৰা ৬০ মাহ লৈ আৰু ১২৬ টা প্ৰকল্প ৬১মাহ বা অধিক সময়ৰ বাবে বিলম্বিত হৈছে।