শুকুৰবাৰে অসম আৰক্ষীৰ সহযোগত আছাম ৰাইফলছ আৰু স্পিয়াৰ কৰ্পৰ তত্বাৱধানত আদিবাসী পিপলছ লিবাৰেশ্যন আৰ্মীৰ ৩৯ জন সক্ৰিয় কেডাৰে অসম ৰাইফলছৰ মহাপৰিদৰ্শকৰ সন্মুখত অস্ত্ৰ সম্বৰণ কৰি আত্মসমৰ্পন কৰে।
জানিব পৰা মতে আদিবাসী পিপলছ লিবাৰেশ্যন আৰ্মীৰ কেডাৰসকলে অসম ৰাইফলছৰ মহাপৰিদৰ্শকক ৩টা এ কে ছিৰিজৰ ৰাইফল, ১৯টা পিষ্টল, আন ৫টা ৰাইফল, দুটা গ্ৰেনেড আৰু বিভিন্ন ধৰণৰ সজীৱ গুলীসহ মুঠ ৩১টা অস্ত্ৰ জমা দিয়ে।
অপাৰেশ্যন ‘সমৰ্পন’ ৰ অধীনত কেডাৰ সকলে আত্মসমৰ্ত্পন কৰি অস্ত্ৰ-শস্ত্ৰ জমা দিয়ে।
উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ শান্তি আৰু সম্প্ৰীতি বৃদ্ধিৰ লক্ষ্যৰে স্পিয়াৰ কৰ্পছৰ নিৰাপত্তা বাহিনীয়ে সদায় বিদ্ৰোহৰ পথ গ্ৰহণ কৰা যুৱক-যুৱতীসকলক মূলসুঁতিলৈ অনাৰ প্ৰয়াস কৰি আহিছে।
এই সিদ্ধান্তৰ বাবে অসম ৰাইফলছে বিদ্ৰোহী সকলক প্ৰশংসা কৰে আৰু ভুল পথ বাছি লোৱা সকলোকে মূলসুঁতিলৈ ঘূৰি আহি সুখী আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ আহ্বান জনায়।
আত্মসমৰ্পণ কৰা কেডাৰসকলৰ পৰিয়ালসমূহেও নিজৰ আপোনজনক নিৰাপদে ঘৰলৈ ঘূৰাই অনাৰ বাবে নিৰাপত্তা বাহিনীক কৃতজ্ঞতা জ্ঞাপন কৰে।